![]()
মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰ (Madhya Pradesh Election) তুংগত উঠিছে। কংগ্ৰেছ-বিজেপি উভয়ে তীব্ৰ গতিত প্ৰচাৰত নামি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনমুখী মধ্যপ্ৰদেশত ইখনৰ পিছত আন এখন সভা অনুষ্ঠিত কৰি আহিছে। মঙলবাৰে ৰাজ্যখনত বিজেপিৰ চাৰিখন প্ৰচাৰ সভাও সম্বোধন কৰে। আনহাতে, কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে।

মঙলবাৰে বেটুলত বিজেপিৰ এক সভাত মোডীয়ে কয়, “মোডী কি মাটিৰে নিৰ্মিত সেয়া কংগ্ৰেছে নাজানে। তেওঁলোকে কৈছিল যে তিনি তালাক কেতিয়াও বিলুপ্ত কৰা নহ’ব, কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ উঠি নাযাব, অযোধ্যাৰ সেই ভূমিত ৰাম মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিব। মই সকলো কাম কৰি দেখুৱাইছো। দেশৰ ৰাইজে জানে যে মোডী মানে প্ৰতিশ্ৰুতি পূৰণৰ গেৰাণ্টি।”
শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোডীৰ ‘মে’ক ইন ইণ্ডিয়া’ শ্ল’গান আৰু ‘চীন বিৰোধী পদক্ষেপ’ক আক্ৰমণ কৰি কয়, “আমাৰ দেশৰ জনসাধাৰণৰ হাতত এতিয়াও চীনা মোবাইল ফোন আছে।” এই সন্দৰ্ভত ৰাহুলক লক্ষ্য কৰি মোডীয়ে কয়, “মূৰ্খৰ মুৰব্বীয়ে নাজানে যে ভাৰত এতিয়া মোবাইল উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ দ্বিতীয় স্থানত আছে। ভাৰতে এতিয়া ১ লাখ কোটি টকাৰ অধিক মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰে।”
চাজাপুৰৰ সভাত প্ৰধানমন্ৰীয়ে কয়, “কংগ্ৰেছ এতিয়া অনুন্নয়ন আৰু ধ্বংসৰ সমাৰ্থক।” জনজাতীয় অধ্যুষিত ঝাবুৱাত দিয়া ভাষণত তেওঁ অনুসূচিত জনজাতিৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ ২৪,০০০ কোটি টকাৰ বিশেষ কেন্দ্ৰীয় উন্নয়ন আঁচনিৰ কথা উল্লেখ কৰে।










