পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰিলে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মালিক মুকেশ আম্বানীয়ে (Mukesh Ambani)। মুম্বাই আৰক্ষীৰ সূত্ৰৰ মতে, এইবাৰ একেটা ইমেইলৰ পৰাই ২০০ কোটি টকা দাবী কৰি হত্যাৰ দাবী উত্থাপন কৰা হৈছে। ২৪ ঘণ্টাৰ ভিতৰতে মুকেশক দুটাকৈ মৃত্যুৰ ভাবুকি দিয়া হৈছে। মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে অজ্ঞাত একাউণ্টৰ পৰা মুকেশ আম্বানীৰ কোম্পানীলৈ ধন দাবী কৰি ইমেইল প্ৰেৰণ কৰা হয়। উক্ত ইমেইলত ২০ কোটি টকাৰ দাবী উত্থাপন হৈছিল। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মালিকগৰাকীক এই ধন নিদিলে হত্যাৰ ভাবুকিও দিয়া হৈছিল।
শুকুৰবাৰৰ ইমেইলটোত কোৱা হৈছে, “আমাক ২০ কোটি টকা নিদিলে তোমালোকক হত্যা কৰা হʼব। আমাৰ ওচৰত ভাৰতৰ শ্ৰেষ্ঠ শ্বুটাৰ আছে।”
এন্টিলিয়াৰ নিৰাপত্তাৰক্ষী বিষয়া দেৱেন্দ্ৰ মুনছিৰামে মৃত্যুৰ ভাবুকি ইমেইল পোৱাৰ পিছতে গামদেৱী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত আৰক্ষীয়ে ইমেইল প্ৰেৰকক বিচাৰিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰি মুম্বাই আৰক্ষীৰ অপৰাধ শাখায়ো তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, এই ইমেইলটো যʼৰ পৰা প্ৰেৰণ কৰা হৈছিল সেই আইপি ঠিকনা চিনাক্ত কৰা হৈছে। এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰা ব্যক্তিজনৰ নাম ছাদাব খান বুলিও দাবী কৰিছে আৰক্ষীয়ে।
কিন্তু প্ৰথমটো ভাবুকি মেইল অহাৰ ২৪ ঘণ্টাৰ ভিতৰতে একেটা ইমেইল একাউণ্টৰ পৰা পুনৰ ২০০ কোটি টকা দাবী কৰি আন এটা ইমেইল প্ৰেৰণ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, ইমেইলটোত কোৱা হৈছে, “পূৰ্বতে প্ৰেৰণ কৰা ইমেইলৰ কোনো উত্তৰ নাই। গতিকে এইবাৰ টকাৰ পৰিমাণ ২০ কোটিৰ পৰা ২০০ কোটিলৈ বৃদ্ধি কৰা হৈছে। যদি এই ধন পোৱা নাযায় তেন্তে মুকেশ আম্বানীৰ মৃত্যু নিশ্চিত।” প্ৰথম ইমেইল প্ৰেৰকজনৰ পৰিচয় বিচাৰি উলিওৱা হৈছিল যদিও দ্বিতীয় প্ৰেৰকজনৰ পৰিচয় নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
আৰক্ষীৰ মতে, যিটো একাউণ্টৰ পৰা ছাদাবে ইমেইল পঠিয়াইছিল, সেই একাউণ্টৰ পৰা পুনৰ আহিছিল ২০০ কোটি টকা দাবী কৰি ভাবুকি দিয়া মেইল। আৰক্ষীয়ে জনোৱা মতে, অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৮৭ আৰু ৫০৬ (২) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।