তিনি নাবালকক একেলগে নৃশংসভাৱে হত্যাৰ (Minor Murder) দৰে জঘন্য ঘটনা। উত্তৰ প্ৰদেশৰ আদালতে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত তিনিজন দোষীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।অভিযুক্তকেইজন হৈছে ছলমান মালিক, বিলাল আৰু ইমৰাণ ওৰফে গুংগা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০১৯ চনত সংঘটিত হৈছিল এই হত্যাকাণ্ড।
জামছেদ নামৰ এজন ব্যক্তিয়ে ৰোজা ৰাখি ইফতাৰ পাৰ্টি ৰাখিছিল। কিন্তু জামছেদে ছলমান মালিক, বিলাল আৰু ইমৰাণক নিমন্ত্ৰণ কৰা নাছিল। ইয়াৰ পিছত বিলালে জামছেদৰ প্ৰতিশোধ লোৱাৰ ভাবুকি দিয়ে। ইফতাৰ পাৰ্টিৰ অন্তত বিলালে জামছেদৰ কন্যা, ভতিজী আৰু পৰিয়ালৰ আন এগৰাকী নাবালকক অপহৰণ কৰে।
তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে নাবালক তিনিজনক ধুত্ৰী গাঁৱৰ হাবিলৈ লৈ গৈ মূৰ আৰু বুকুত গুলীচালনা কৰি হত্যা কৰা হয়। হত্যাকাণ্ডৰ পিছতে কোটোৱালি নগৰ অঞ্চলত মৃতদেহ তিনিটা এৰি পলায়ন কৰে অভিযুক্তই। আৰক্ষীয়ে তদন্তৰ অন্তত তিনিওজনকে গ্ৰেপ্তাৰ কৰে। উত্তৰ প্ৰদেশৰ আদালতে দোষী তিনিজনক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।