শেহতীয়াভাৱে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে বিতৰ্কিত মন্তব্যৰ অভিযোগ (Assam CM accused of making controversial remarks)। তেনে এক অভিযোগ উত্থাপন হৈছে মধ্যপ্ৰদেশৰ এখন ৰাজহুৱা সভাত (Allegations raised at a public meeting in Madhya Pradesh)।
তাৰেই পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে মধ্যপ্ৰদেশৰ বিদিশা জিলাত এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লʼবলৈ মধ্যপ্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী কমল নাথক আহ্বান (Madhya Pradesh Congress Committee chief Kamal Nath urges him to take legal action against CM) জনাইছে।
কমল নাথলৈ এখন পত্ৰ প্ৰেৰণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথক আহ্বান জনাইছে, “যোৱা ১৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ বিদিশা জিলাত এখন ৰাজহুৱা সভাত তেওঁ কয়, ‘মই কমলক প্ৰত্যাহ্বান জনাব বিচাৰিছো। যদি আপুনি হনুমান ভক্ত, হনুমানে লংকা জ্বলাই দিছিল, আপুনিও তেন্তে ১০ জনপথ জ্বলাই দিব লাগে’। এইটো গ্ৰহণযোগ্য নহয়। যিকোনো সাধক হিন্দুৱে জানে যে সীতাক ৰাৱনে লংকালৈ অপহৰণ কৰিছিল। ওপৰৰ কথাখিনিৰ দ্বাৰা শ্ৰী শৰ্মাই কি ক’বলৈ চেষ্টা কৰিছে? কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী শ্ৰীমতী ছোনিয়া গান্ধীয়ে বৰ্তমান ১০ জনপথত বসবাস কৰে। তেওঁ কাৰোবাক অপহৰণ কৰি বলপূৰ্বকভাৱে নিজৰ ঘৰ/বাৰীত ৰাখিছে নেকি?”
আনহাতে, ২০২৩ চনৰ ২৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ উদ্ধৃতি দি সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশৰ কথা ভূপেন বৰাই পত্ৰখনত উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ বিপক্ষে মধ্যপ্ৰদেশ কংগ্ৰেছৰ আইনী বিভাগকো একে কাম কৰিবলৈ অনুৰোধ জনায়।