বৰ্তমান পৃথিৱীৰ ৭০ কোটি লোকে নাজানে যে তেওঁলোকে কেতিয়া পুনৰ খাদ্য খাবলৈ পাব বা আচলতে পাবনে নাই। প্ৰতি দহজনৰ ভিতৰত এজনে নিশা ক্ষুধাৰ্ত অৱস্থাত শুই যায়। এই হিচাপ বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ খাদ্য সংস্থাই (Food Agency of the United Nations) দাখিল কৰে। লগতে সংগঠনসমূহ চিন্তিত যে ক্ষুধা সংকট বৃদ্ধি (Increasing hunger crisis) পাইছে। ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ কাৰ্যবাহী সঞ্চালক চিণ্ডী মেককেনে নিৰাপত্তা পৰিষদক জনোৱা মতে, অনুদানৰ অভাৱৰ বাবে খাদ্যৰ ৰেচন কৰ্তন কৰিবলগীয়া হৈছে। অদূৰ ভৱিষ্যতেও কৰিব লাগিব।
চিণ্ডী হৈছে আমেৰিকাৰ প্ৰয়াত চিনেটৰ জন মেককেনৰ পত্নী। তেওঁ নিৰাপত্তা পৰিষদৰ আগত স্পষ্টকৈ কয়, “আমি এক চলি থকা আৰু দীৰ্ঘদিনীয়া সংকটৰ মাজেৰে পাৰ হৈছো, য’ত মানৱীয় সংকট বৃদ্ধি পাইছে। এইটোৱেই এতিয়া ‘নিউ নৰ্মেল’। এই জোকাৰণি আগন্তুক বহু বছৰলৈ অনুভৱ কৰা হʼব।” এই সংকটৰ ভিতৰত আছে সামৰিক সংঘাত, অৰ্থনৈতিক জোকাৰণি, পৰিৱেশ সংকট আৰু সাৰৰ দাম বৃদ্ধি। একত্ৰিতভাৱে বিশ্ব খাদ্য কাৰ্যসূচীৰ নিজা হিচাপ অনুসৰি, ৫০খন দেশৰ ৪৭ লাখ লোক এতিয়া দুৰ্ভিক্ষৰ সীমাত আছে।
পাঁচ বছৰৰ তলৰ চাড়ে চাৰি নিযুত শিশু তীব্ৰ পুষ্টিহীনতাত ভুগি আছে। বিশ্ব খাদ্য কাৰ্যসূচীৰ মুখ্য কাৰ্যালয় ৰোমত। তেওঁলোকে ৭৯খন দেশত কাম কৰে। তাত থকা ৭৮ কোটিৰো অধিক লোকৰ ভিতৰত প্ৰতি দহজনৰ ভিতৰত এজনে প্ৰতিদিনে ভোকতে শুই পৰে। ৩৪.৫ কোটিৰো অধিক লোকৰ খাদ্যৰ কোনো নিৰাপত্তা নাই। ডব্লিউ এফ পিৰ মতে, ২০২১ চনৰ আৰম্ভণিৰ তুলনাত এই সংখ্যা ২০ কোটি কম আছিল।
ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে পোনপটীয়াকৈ স্বীকাৰ কৰিছে যে মহামাৰী আৰু ইউক্ৰেইনৰ যুদ্ধই পৰিস্থিতি অধিক অস্থিৰ কৰি তুলিছে। সাৰৰ মূল্য বৃদ্ধিৰ ফলত চাউল, ঘেঁহু, কুঁহিয়াৰ আৰু সৰিয়হৰ উৎপাদন হ্ৰাস পাইছে। এই প্ৰেক্ষাপটত ডব্লিউ এফ পিয়ে ক্ষুধা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বাণিজ্যিক কোম্পানীসমূহে অৱশ্যে ইয়াক অস্বীকাৰ কৰা নাই। মাষ্টাৰকাৰ্ডৰ চিইঅ’ মাইকেল মিবাচে নিৰাপত্তা পৰিষদৰ বৈঠকত কয়, “এতিয়ালৈকে সকাহৰ কাম চৰকাৰৰ হাতত আছে। বাণিজ্যিক কোম্পানীয়ে এই ধন যোগান ধৰিছিল। কিন্তু তেওঁলোকে ইচ্ছা কৰিলে আৰু অধিক কৰিব পাৰে। চৰকাৰৰ সৈতে হাতে কামে কাম কৰিব পাৰে।”