![]()
ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ। এছিয়া কাপৰ (Asia Cup) ছুপাৰ ফ’ৰ পৰ্যায়ৰ ভাৰত-পাকিস্তানৰ (India-Pakistan Match) মেচত থাকিব ৰিজাৰ্ভ ডে’। দেওবাৰে কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানে দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাত মুখামুখী হʼব।

সেইদিনাও বৰষুণৰ আগজাননী দিয়া হৈছে। যদি বৰষুণৰ বাবে খেল বন্ধ হয়, তেন্তে পিছদিনা অৰ্থাৎ সোমবাৰে মেচ বন্ধ হোৱাৰ পৰা পুনৰ আৰম্ভ হʼব। শুকুৰবাৰে এই কথা এছিয়ান ক্ৰিকেট কাউন্সিলে জনাইছে। গতিকে যিসকলে দেওবাৰে ভাৰত-পাক খেল চাবলৈ যিসকল ষ্টেডিয়ামলৈ যাব, তেওঁলোকক টিকট লগত ৰাখিবলৈ কোৱা হৈছে।
একেটা টিকটতে ৰিজাৰ্ভ ডে’ৰ খেলখন চাব পাৰিব। উল্লেখযোগ্য যে ছুপাৰ ফ’ৰ পৰ্যায়ৰ এই এখন মেচৰ বাবেহে এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে। এই সুবিধা আন কোনো মেচত পোৱা নাযায়। পাকিস্তান ক্ৰিকেট বোৰ্ডে প্ৰথমে এই পৰিৱৰ্তিত পৰিস্থিতিৰ কথা ঘোষণা কৰিছিল। তাৰ পাছত এছিয়ান ক্ৰিকেট কাউন্সিলে তেওঁলোকৰ বিবৃতিত কয়, “কলম্বোৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত হʼবলগীয়া ভাৰত-পাকিস্তান ছুপাৰ ফ’ৰৰ খেলৰ বাবে সোমবাৰ দিনটো সংৰক্ষিত দিন হিচাপে ৰখা হৈছে।
বেয়া বতৰৰ বাবে যদি খেল বাতিল কৰা হয় তেন্তে পিছদিনা অৰ্থাৎ সোমবাৰে পুনৰ খেলা হʼব। খেলখন যʼৰ পৰা বন্ধ হৈছিল তাৰ পৰাই আৰম্ভ হʼব৷” ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হʼবলগীয়া এছিয়া কাপৰ ফাইনেলৰ বাবেও এটা ৰিজাৰ্ভ ডে’ ৰখা হৈছে।










