ভাৰতৰ ঐতিহাসিক ক্ষণত দেশৰ বাহিৰত আছে প্ৰধানমন্ত্ৰী। কিন্তু দক্ষিণ আফ্রিকাৰ পৰায়ে ইছৰোৰ এই ঐতিহাসিক সফলতা পোনপটীয়াকৈ প্রত্যক্ষ কৰে তেওঁ। ১৫ সংখ্যক ব্রিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জোহান্সবার্গত আছে প্রধানমন্ত্রী। তাৰ পৰাই লাইভ স্ট্রিমিঙৰ মাধ্যমেৰে এই মুহূর্ত চায় তেওঁ। আনহাতে, ISRO-ৰ সাফল্যক লৈ তেওঁ মন্তব্য কৰে যে এয়া উন্নত ভাৰতৰ মুহূর্ত।

ইফালে চন্দ্রযানৰ সফল অৱতৰণৰ পিছতেই ইছৰো প্রধান এছ সোমনাথক দক্ষিণ আফ্রিকাৰ পৰা ফোন কৰে মোদীয়ে। তেওঁ উচ্ছ্বসিতভাবে কয়, “আপোনাৰ মতামত নাম সোমনাথ। আপোনাৰ নামটোৱেই চন্দ্ৰৰ সৈতে জড়িত। আপুনিতো সফল হ’বই। এই যাত্ৰাত জড়িত আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আপোনালোকৰ পৰিয়ালৰ প্রত্যেককে অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। এক ইতিহাস সৃষ্টি কৰিলে আপোনালোকে।”