সাংসদ পদ পুনৰ লাভ কৰাৰ পিছত সংসদত বুধবাৰে প্ৰথম ভাষণ দিয়ে ৰাহুল গান্ধীয়ে । বুধবাৰে ৰাহুল গান্ধীয়ে লোকসভা (Rahul in Lok Sabha)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ‘ইণ্ডিয়া’ই অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ভাষণ আৰম্ভ কৰে। আৰম্ভণিতে তেওঁ কয়, “আজি মই মোৰ মগজুৰ পৰা নহয়, হৃদয়ৰ পৰা কথা কʼম। ভয় নকৰিব, মই আদানীৰ কথা নকওঁ। আজি মই আপোনাক তেনেকৈ আক্ৰমণ নকৰো।”
বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডীৰ উত্তৰ ভাষণৰ ঠিক আগতেই অনাস্থা বিতৰ্কত ৰাহুল গান্ধীয়ে শেষ বক্তা হʼব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। বুধবাৰে কংগ্ৰেছ দলৰ নেতা অধিৰঞ্জন চৌধুৰীয়ে কয় যে ৰাহুলে আজি বক্তৃতা দিব। তেৱেই সংসদত অনাস্থাৰ ওপৰত আলোচনা আৰম্ভ কৰিব। সেই অনুসৰি দুপৰীয়া ১২ বজাৰ কিছু সময়ৰ পাছতে ৰাহুল সংসদত উপস্থিত হয়।

ভাষণৰ আৰম্ভণিতে ৰাহুলে সাংসদ পদ ঘূৰাই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁৰ মতে, “ভাৰত জোৰো যাত্ৰা’ এতিয়াও শেষ হোৱা নাই। লাখ লাখ মানুহে সাহস পাইছে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজকাঢ়িছে। কৃষকৰ দুখ, অভাৱ উপলব্ধি কৰিছোঁ।”
ইয়াৰ পিছত ৰাহুলে মণিপুৰ বিষয়ত মোডীক আক্ৰমণ কৰি কয়, “প্ৰধানমন্ত্ৰী এতিয়াও মণিপুৰলৈ যোৱা নাই। কাৰণ তেওঁৰ বাবে মণিপুৰ ভাৰত নহয়। আপুনি মণিপুৰক টুকুৰা টুকুৰ কৰি পেলাইছে। মই মণিপুৰলৈ গৈছো। শৰণাৰ্থী শিবিৰত শিশুৰ দুখ-কষ্ট দেখিছোঁ, মহিলাৰ লগত কথা পাতিছো। আপুনি দেশভক্ত নহয়। আপুনি দেশদ্ৰোহী।”