![]()
ডিফুত এতিয়া ঘৰে ঘৰে ডেংগু (Dengue in Diphu) ৰোগী থকাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে৷ বিগত বৰ্ষৰ ৰেকৰ্ড ভংগ কৰি দৈনিক ডেংগু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে এলাইজা পৰীক্ষাত ১৫০৬ গৰাকী জ্বৰত ভোগা ৰোগীৰ দেহত ডেংগু পজিটিভ (1506 patients suffering from fever are dengue positive) পোৱা গৈছে৷ কিন্তু ইয়াৰ বাহিৰেও স্হানীয় ব্যক্তিগত চিকিৎসালয় আৰু মেডিকেল কলেজৰ চিকিৎসকে চেম্বাৰত ৰেপিড টেষ্ট কৰি ডেংগুৰ চিকিৎসা কৰা সকলৰ সংখ্যা ইয়াতকৈ কম নহ’ব৷

আজি ডিফু নগৰৰ শৰ্মিষ্ঠা মজুমদাৰ নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ ডেংগুত মৃত্যু (Sharmistha Majumdar dies of dengue) হৈছে৷ যোৱা ১ জুনত ৰহিলা টেৰণপী নামৰ এগৰাকী মহিলাৰো ডেংগুত মৃত্যু হৈছিল৷ ইয়াৰ বাহিৰেও ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা নকৰাই ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা এগৰাকী যুৱক আৰু এগৰাকী আৰক্ষীৰ লোকৰো ডেংগুত মৃত্যু হৈছে যদিও সেই তথ্য চৰকাৰী নথিভূক্ত নহয়৷ চৰকাৰী ভাবে এতিয়ালৈকে ডিফুত ডেংগুত দুগৰাকী মহিলাৰ মৃত্যু হৈছে ৷ আজিৰ তাৰিখত ডিফু চিকিৎসা মহাবিদ্যালয়ত ৪১ গৰাকী ডেংগু ৰোগী আছে।

ইয়াৰে ৪ গৰাকী ছেমি আই চি ইউ আৰু এগৰাকী সাধাৰণ আই চি ইউত আছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° এছ জে ডেকাই কয় যে ডেংগু নিয়ন্ত্ৰণ কৰাত জনসাধাৰণৰ সহযোগিতা লাগিব। দিনত হাত দীঘল চোলা লংপেণ্ট পিন্ধি থকা, ঘৰৰ চৌহদত যাতে পানী জমা হোৱাৰ উৎস নাথাকে তাৰ প্ৰতি সচেতন হোৱা আৰু সন্ধিয়া দৈনিক ধোঁৱা বা ধুনা দিয়াৰ ব্যৱস্থা কৰিব লাগিব ৷
ডিফু চিকিৎসা মহাবিদ্যালয়ত ডেংগু পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা হয় ৷ সেয়ে তেওঁ সকলোকে সাধাৰণ জ্বৰ হ’লেই চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ আহৱান জনায় ৷ যি দুটা মৃত্যুৰ ঘটনা ঘটিছে দুয়োটা ঘটনাতে ৰোগী পলমকৈ চিকিৎসালয়লৈ অহা বুলি তেওঁ কয়৷
আনহাতে জনসাধাৰণে অভিযোগ কৰিছে যে স্বাস্থ্য বিভাগে যি দৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কৰা নাই ৷ এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ ভাষ্য হ’ল এই ধোঁৱা দিয়াটো স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়ে য’ত বেছি ডেংগু ৰোগী ধৰা পৰিছে তাতহে ধোঁৱা দিয়া হৈছে ৷ এতিয়া জনতাৰ সচেতনতাই ডেংগুৰ প্ৰভাৱ কম কৰাৰ একমাত্ৰ উপায় বুলি তেওঁলোকে কয়৷












