নতুন বিৰোধী মিত্ৰজোঁট ‘India’ (Indian National Developmental Inclusive Alliance) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা আগ্ৰাসী মন্তব্যৰ প্ৰতিক্ৰিয়া (Reaction to Narendra Modi’s aggressive remarks) প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে। মঙলবাৰে বিয়লি তেওঁ টুইটাৰত লিখিছে, “মোডী ডাঙৰীয়া, আমাক যি নামেৰেই নামাতক কিয়, আমি ‘INDIA’। আমি মণিপুৰ (Manipur)ৰ ঘা নিৰ্মূল কৰাত সহায় কৰিম, প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম। আমি মানুহৰ মাজত শান্তি আৰু প্ৰেম পুনৰ ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতীয়ত্বৰ মনোভাব পুনৰ প্ৰতিষ্ঠা কৰিম।”
উল্লেখযোগ্য যে মণিপুৰক লৈ বিৰোধীৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে বাৰে বাৰে সংসদৰ অধিবেশন স্থগিত ৰাখিবলগা হৈছে। মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী জনাইছে ‘INDIA’ৰ সাংসদসকলে। এই পৰিবেশত সোমবাৰে পুৱা বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিন আৰম্ভ হোৱাৰ পূৰ্বে মোডীয়ে সংসদ ভৱনত বিজেপি সংসদীয় দলৰ বৈঠকত ‘INDIA’ক নিষিদ্ধ দুটা উগ্ৰপন্থী গোট ‘ইণ্ডিয়ান মুজাহিদীন’ আৰু ‘পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া ’ৰ সৈতে তুলনা কৰে। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়টোও তেওঁ উত্থাপন কৰে। তেওঁ বিৰোধীক ঠাট্টা কৰি কয় যে তিনিওটা ক্ষেত্ৰতে ‘India’ নাম আছে।

মোডীৰ মন্তব্যৰ বাবেই মঙলবাৰে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী সাংসদসকলে। তেওঁলোকে দাবী কৰে যে প্ৰধানমন্ত্ৰীৰ এনে মন্তব্য তেওঁৰ ‘আতঙ্কৰ বহিঃপ্ৰকাশ’। কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, “পাটনা আৰু বেংগালুৰুত আমাৰ সফল বৈঠক দেখি প্ৰধানমন্ত্ৰী চাপত পৰিছে। সেইবাবেই তেওঁলোকে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে।”