![]()
সমগ্ৰ ভাৰতৰ ১২ খন ৰাজ্যত ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰ্চ্যুৱেলি উপস্থিতিত (Home Minister Amit Shah’s virtual appearance) আজি ডিফুত কাৰবি আংলং জিলা ড্ৰাগছ ডিছপ’জেল কমিটিৰ (Karbi Anglong District Drugs Hospital Committee) উদ্যোগত প্ৰায় ৯৫ কোটি টকাৰ ড্ৰাগছ দাহ (Drug burning worth Rs 95 crore) কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে (CEM Dr. Tuliram Ronghang) এই ড্ৰাগছ দাহ কাৰ্যসূচীৰ মুখ্য ভূমিকা পালন কৰে ৷ ডিফুৰ সমীপৰ ৭ মাইলৰ ইটা ভাটাৰ চুল্লীত এই বৃহৎ পৰিমানৰ নিচাযুক্ত ড্ৰাগছসমূহ দাহ কৰা হয় ৷

আজি দাহ কৰা ড্ৰাগছসমূহৰ ভিতৰত আছে ৩৮’২৬০ কিঃগ্ৰাম হেৰ’ইন,৮০৪৮ কিঃ গ্ৰাম মৰফিন, ৬৮৯৭ টা কাঁহৰ চিৰাপৰ বটল , ১,০৫ কিঃগ্ৰাম ব্ৰাউন চুগাৰ, ১০’১২৪ কিঃ গ্ৰাম অ’পিয়াম, ০৬৩ গ্ৰাম ট্ৰেমাডল পাউডাৰ,১২০৪’৫৬৩ কিঃগ্ৰাম গাঞ্জা আৰু ১,০৮, ২২১ টা নিচাযুক্ত টেবলেট ৷ উল্লেখযোগ্য যে, যোৱা ২৬ জুনত ড্ৰাগছ বিৰোধী দিৱসৰ দিনা একে স্থানতে প্ৰায় ৬৫ কেটি টকাৰ ড্ৰাগছ দাহ কৰা হৈছিল৷
আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম ডাঃ তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ তত্বাৱধনাত সম্পন্ন হৈছে ৷ কাৰবি আংলঙ জিলাকো শীঘ্ৰে ড্ৰাগ ড্ৰাগছমুক্ত কৰা হ’ব ৷

আনহাতে সংবাদ মাধ্যমৰ আগত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে, ভাৰত চৰকাৰৰ এনচিভিৰ দ্বাৰা আয়োজিত ড্ৰাগছ দাহ কাৰ্যসবচীৰ অংশ স্বৰূপে আজি ডিফুতো প্ৰায় ৯৫ কোটি টকাৰ ড্ৰাগছ দাহ কৰা হয় ৷ আজিৰ এই বৃহৎ পৰিমানৰ ড্ৰাগছ দাহ কাৰ্যসূচীত ডিএলএছএ সচিব বিজয়া খাকলাৰী, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডিফু বিধানসভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেং, পৰিষদৰ ইএম আৰু এমঅচিসকল লগতে ড্ৰাগছ ডিচপ’জেল কমিটি কাৰবি আংলঙৰ বিষয়া কৰ্মী , জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমীৰ শইকীয়া আৰু শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিতিত থাকে ৷












