অপহৰণৰ পিছত এচিড আক্ৰমণ কৰা এগৰাকী যুৱতীৰ মৃতদেহ কুঁৱাৰ পৰা উদ্ধাৰ (woman’s body recovered from well) হৈছে। বুধবাৰে ১৮ বছৰীয়া যুৱতীগৰাকীক অপহৰণ কৰি হত্যা কৰা বুলি পৰিয়ালৰ লোকৰ অভিযোগ। কেৱল সেয়াই নহয়, অপহৰণৰ পিছত তেওঁক এচিডেৰে আক্ৰমণ (Attack with acid) কৰা বুলিও অভিযোগ উত্থাপন হৈছে। ঘটনাৰ স্থান ৰাজস্থানৰ কৰৌলী জিলা (Incident place in Rajasthan’s Karauli district)।
এই ঘটনাত যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে গেৰুৱা শিবিৰৰ নেতাসকলেও চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিৰ অভিযোগ যে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। অভিযুক্তক শীঘ্ৰে শাস্তি আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে পৰিয়ালৰ লোকে। একে সময়তে পৰিয়ালটোৱে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী জনাইছে আৰু পৰিয়ালৰ যিকোনো এজনক চাকৰি দিব লাগে বুলি দাবী উত্থাপন কৰে।