![]()
আজি বোকাখাতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ (NH 37 at Bokakhat) দাঁতিত পুৱাৰ ভাগতে উদ্ধাৰ হোৱা এটি মৃতদেহে (Found a dead body) অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে। বোকাখাতৰ ৱাই টু কে হোটেলৰ পশ্চিমে ৰাষ্ট্ৰীয় পথৰ গাতে লাগি থকা পুখুৰীত উদ্ধাৰ হয় মৃতদেহটো। ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে।

মৃতদেহটো বোকাখাতৰ নাহৰজানৰ সমীপৰ নীৰেন শৰ্মাৰ বুলি চিনাক্ত (Identified as Niren Sharma near Naharjan) কৰা হৈছে। পঞ্চাশোৰ্দ্ধৰ বয়সৰ শৰ্মা ই এণ্ড ডি বিভাগৰ কৰ্মচাৰী আছিল আৰু অবিবাহিত আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই বাতৰি লিখা পৰ্যন্ত মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।











