![]()
ধাৰাসাৰ বৰষুণৰ ফলত ৰাজধানী দিল্লী প্লাৱিত (Rain-hit capital Delhi) হৈছে। দিল্লীৰ বিভিন্ন পথত জমা হৈছে পানী। দিল্লী বন্দৰ আৰু শিক্ষামন্ত্ৰী আতিশীৰ ঘৰৰ সন্মুখৰ পথত বানপানী। মন্ত্ৰীগৰাকীৰ ঘৰৰ মূল গে’টৰ সন্মুখৰ পথটো পানীত ডুব গৈছে।
দেওবাৰে দিল্লীৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে আতিশীয়ে। বানপানীৰে ভৰা ৰাজপথত খোজকাঢ়ি যোৱাও দেখা যায় তেওঁক। দিল্লীত বৰষুণৰ সময়ত পানী জমা হোৱাৰ বাবে আম আদমী পাৰ্টি চৰকাৰক তীব্ৰ সমালোচনা কৰে বিজেপিয়ে ।

দিল্লীত বিগত ২৪ ঘণ্টাত ১৫৩ মিলিমিটাৰ বৰষুণ হৈছে। ১৯৮২ চনৰ পিছত এইবাৰ জুলাই মাহৰ এটা দিনত দিল্লীত ইমান বৰষুণ হয়। ১৯৮২ চনৰ ২৫ জুলাইত দিল্লীত এদিনতে ১৬৯.৯ মিলিমিটাৰ বৰষুণ হয়। ১৯৫৮ চনৰ ২১ জুলাইত দিল্লীত এদিনতে ২৬৬.২ মিলিমিটাৰ বৰষুণ হয়। বতৰ বিজ্ঞান বিভাগে আগন্তুক দুই তিনিদিনলৈ অধিক বৰষুণ হোৱাৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে সকলো বিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰে।
দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ ছচদেৱে কেজৰি চৰকাৰক পানীৰ সমস্যাক লৈ আক্ৰমণ কৰে। তেওঁ টুইটাৰযোগে লিখিছে, “কেজৰিৱাল চৰকাৰ ইমানেই দুৰ্নীতিগ্ৰস্ত যে সদ্য সংস্কাৰ কৰা মথুৰা ৰোড অৱ ৱৰ্কছ মন্ত্ৰী আতিশীৰ বাংলোটোও বানপানীত বুৰ গৈছে।” দিল্লীৰ কেইবাটাও অঞ্চল পানীৰ তলত। এই দুৰ্যোগৰ বাবে দেওবাৰে চৰকাৰী কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে কেজৰিৱাল চৰকাৰে। কেজৰিৱালে মন্ত্ৰীসকলক বৰষুণত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীৰ মেয়ৰ শ্বেলী ওবেৰয়েও একেই নিৰ্দেশ দিয়ে।











