
মাতৃ জীয়াই থাকিলে ১০ কোটি টকাৰ সম্পত্তি ভোগ কৰিব নোৱাৰিব। কেৱল সেয়াই নহয়, পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে তেওঁৰ চাকৰিটো লাভ কৰিছিল। অৰ্থাৎ সেইটোৰ পৰাও তেওঁ বঞ্চিত হৈ আছে। গতিকে মাতৃক আঁতৰাই দিলে দুয়োটা সমস্যাৰে সমাধান হ’ব। ৰাজস্থানৰ জয়পুৰত (Jaipur of Rajasthan) সম্পত্তি আৰু চাকৰিৰ লোভত (Greed for property and jobs) কন্যাই মাতৃক হত্যা (Daughter kills mother) কৰাৰ অভিযোগ উত্থাপন হৈছে। হত্যাকাণ্ডৰ পিছত ইয়াক দুৰ্ঘটনা সজোৱাৰ চেষ্টাও কৰা হৈছিল। কিন্তু শেষ ৰক্ষা নহ’ল। অভিযুক্ত কন্যাৰ নাম হৈছে আয়ুষী শৰ্মা (Ayushi Sharma)। তেওঁৰ ঘৰ জয়পুৰৰ এয়াৰপ’ৰ্ট কল’নীত।
আয়ুষীৰ পিতৃ বিজয় শৰ্মাই চৰকাৰী চাকৰি কৰিছিল। এবছৰৰ পূৰ্বে তেওঁৰ মৃত্যু হয়। বিজয়ৰ মৃত্যুৰ পিছত পত্নী নীৰজ শৰ্মাই চাকৰিটো লাভ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আয়ুষীয়ে পিতৃৰ চাকৰিতো কৰিব বিচাৰিছিল। তেওঁ ভাবিছিল যে তেওঁৰ মাতৃ নীৰজে তেওঁক এই চাকৰিটো আগবঢ়াব। কিন্তু সেয়া নোহোৱাত আয়ুষীৰ খং উঠে। আয়ুষীৰ এজন বিশেষভাৱে সক্ষম ভাতৃও আছে। নীৰজে পূৰ্বতে চাকৰি কৰাৰ লগতে দুটা ল’ৰা-ছোৱালীক চোৱা-চিতা কৰিছিল। কিন্তু পিতৃৰ চাকৰিটো নোপোৱাত কন্যাই ১০ কোটি টকাৰ সম্পত্তি নিজৰ কব্জালৈ অনাৰ পৰিকল্পনা কৰে।
কিন্তু এই সম্পত্তি তেওঁ কেনেকৈ নিজৰ নামলৈ হস্তান্তৰ কৰিব? আয়ুষীয়ে এই কথা খুড়াক আৰু খুড়াকৰ ল’ৰাক কয়। ঘৰৰ পৰা ওলাই আহি তেওঁ খুড়াকৰ ঘৰত আশ্ৰয় লৈছিল। অভিযোগ অনুসৰি, ১০ কোটি টকাৰ সম্পত্তিৰে আয়ুষীয়ে খুড়াকৰ ল’ৰা বলোৰাম আৰু খুড়াককো প্ৰলোভিত কৰিছিল। তেওঁলোকে যদি তেওঁৰ মাতৃক আঁতৰোৱাৰ ব্যৱস্থা কৰে তেন্তে তেওঁ আধা সম্পত্তি তেওঁলোকক দিব বুলি লোভ দেখুৱাইছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, নীৰজক আঁতৰোৱাৰ পৰিকল্পনা তাৰ পিছতে আৰম্ভ হয়। কিন্তু আয়ুষীৰ আচৰণ দেখি নীৰজৰ সন্দেহ হয়। কথাটো তেওঁ ককায়েকক অৱগত কৰে। পুত্ৰক স্কুললৈ থৈ অহাৰ পিছত নীৰজে প্ৰতিদিনে কামলৈ গৈছিল। দুপৰীয়া কামৰ পৰা উভতি আহে। আয়ুষীয়ে এমাহ ধৰি নীৰজৰ গতিবিধিৰ ওপৰত চকু ৰাখিছিল। তদন্তকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, আয়ুষীৰ আত্মীয়ই প্ৰত্যক্ষ যে নীৰজ কৰ্মস্থলীৰ পৰা খোজকাঢ়ি ঘৰলৈ উভতি আহিছে। আৰু সেই সুযোগ ব্যৱহাৰৰ কৰিবলৈ চেষ্টা কৰিছিল।
অভিযোগ অনুসৰি, আয়ুষীয়ে ভাড়াতীয়া হত্যাকাৰীক ৭ লাখ টকা চুপাৰী দিছিল। পৰিকল্পনা আছিল গাড়ীৰে খুন্দিয়াই হত্যা কৰা। ঘটনাটো এনেদৰে কৰা হ’লহেঁতেন যে সেয়া দুৰ্ঘটনা যেন লাগিব। পৰিকল্পনা অনুসৰি আয়ুষীয়ে হাৰিয়ানাৰ পৰা এজন হত্যাকাৰীক নিয়োগ কৰে। যোৱা ৪ জুলাইত কৰ্মস্থলীৰ পৰা উভতি আহি আছিল নীৰজ। সেই সময়তে গাড়ীখনে পিছফালৰ পৰা খুন্দা মাৰি পলায়ন কৰে। ১০০ ফুট দূৰলৈ মহটিয়াই নিয়ে নীৰজক। ফলত তেওঁৰ থিতাতে মৃত্যু হয়। তাৰ পিছত আয়ুষীয়ে মোমায়েকক মাতি কান্দি কান্দি কয় যে মাতৃৰ দুৰ্ঘটনাত মৃত্যু হৈছে।
কিন্তু মোমায়েকৰ সন্দেহ হয়। এই বিষয়ে তেওঁ আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঠাইখনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰোঁতে দেখা যায় যে নীৰজ ৰাস্তাৰ কাষেৰে খোজকাঢ়ি গৈ আছে। দুৰ্ঘটনাৰ কোনো সম্ভাৱনা নাছিল। ইয়াৰ পিছতে নীৰজৰ পথটোৰে পিছফালৰ পৰা এখন গাড়ী আহি তেওঁক খুন্দা মাৰি পলায়ন কৰা দেখা গ’ল। ঘটনাৰ সময়ত চিচিটিভি কেমেৰাত আয়ুষীকো দেখা গৈছিল। উক্ত তথ্যৰ ভিত্তিতে আৰক্ষীয়ে আয়ুষীক গ্ৰেপ্তাৰ কৰে। জেৰাৰ সময়ত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। ইয়াৰ পিছত আয়ুষীক গ্ৰেপ্তাৰ কৰা হয়।












