এগৰাকী জনজাতীয় নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ (Tribal minor girl abducted gang-rape) অভিযোগত তিনি যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মধ্যপ্ৰদেশৰ ইন্দোৰ (Indore in Madhya Pradesh)ত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এজন যুৱকে নাবালিকাক নির্মীয়মাণ ঘৰ এটালৈ লৈ যায়। ইতিমধ্যে তাত উপস্থিত আছিল আন দুজন যুৱক। অভিযোগ অনুসৰি, সেই ঘৰতে তিনিও মিলি ছোৱালীজনীক দলবদ্ধ ধৰ্ষণ কৰিছিল। বিষয়টো গম পোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
কিশোৰীগৰাকীৰ পৰিয়ালে অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ এজাহাৰ আৰক্ষীক দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। ঘটনাৰ কেইঘণ্টামান পিছতে তিনিজনকে গ্ৰেপ্তাৰ কৰা হয়। ইন্দোৰৰ মহকুমাধিপতি অক্ষয় সিং মাৰ্খামে কয় যে কেইঘণ্টামানৰ ভিতৰতে তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
মহকুমাধিপতিগৰাকীয়ে লগতে কয় যে মূল অভিযুক্তৰ ঘৰ কাজি পালচিয়া গাঁৱত। অভিযুক্তই মাটি দখল কৰি অবৈধভাৱে ঘৰটো নিৰ্মাণ কৰিছিল। শুকুৰবাৰে পুৱা প্ৰশাসনে অভিযুক্তৰ ঘৰ ভাঙি পেলায় (Administration demolishes the house of the accused)।
আনহাতে, শিঙাৰৌলিতো ধৰ্ষণৰ অভিযোগত অভিযুক্ত যুৱকৰ ঘৰ ভাঙি পেলায় জিলা প্ৰশাসনে। এমাহ পূৰ্বে বিনয় তিৱাৰী নামৰ এজন যুৱকে নাবালিকা ছোৱালীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি, নাবালিকাগৰাকীক ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰা হৈছিল।