![]()
যোৱা দেওবাৰৰ পট পৰিৱৰ্তনে মহাৰাষ্ট্ৰৰ ৰাজনীতিত কেইবাটাও সমীকৰণ সলনি কৰিছে। অজিত পাৱাৰকে ধৰি এনচিপিৰ ৯জন বিদ্ৰোহী বিধায়কক মন্ত্ৰীসভাত স্থান দিয়াৰ পিছতে মুখ্যমন্ত্ৰী একনাথ শিন্দে (Chief Minister Eknath Shinde)ৰ অনুগামীৰ এটা অংশ ক্ষুব্ধ (A section of followers are angry) হৈ পৰা বুলি চৰ্চা চলিছে। এনে পৰিস্থিতিত বৃহস্পতিবাৰে গভীৰ নিশা বিজেপি নেতা তথা মহাৰাষ্ট্ৰ (Maharastra)ৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱীছে (Deputy Chief Minister Devendra Fadnavis) শিন্দেৰ সৈতে বাৰ্তালাপ কৰে।
অজিত শিবিৰ বিজেপিৰ মিত্ৰ হোৱাৰ বাবে মহাৰাষ্ট্ৰৰ শিন্দেসেনাৰ ওপৰত হেঁচা বৃদ্ধি পাইছে। উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই (বালাচাহেব) বৃহস্পতিবাৰে দাবী কৰে যে শিৱসেনাৰ কেইবাজনো বিধায়কে ‘ঘৰ’লৈ উভতি যাব বিচাৰি তেওঁলোকৰ কাষ চাপিছে।ইয়াৰ পিছত ফড়নৱীছে শিন্দেৰ সৈতে এই বৈঠকখন অনুষ্ঠিত কৰে। বিগত বৰ্ষৰ জুন মাহত শিৱসেনা ভাঙি বিজেপিৰ সহায়ত উদ্ধৱ চৰকাৰৰ পতন ঘটায় শিন্দেয়ে।
এই পৰিৱৰ্তনৰ পিছৰে পৰা শিৱসেনাৰ নেতা একনাথ শিন্দে ‘ছদ্মনাম’ৰ মুখ্যমন্ত্ৰী হিচাপে ক্ষমতা ভোগ কৰি আছে বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। ইয়াৰ বিপৰীতে ফড়নৱীছে ৰাজ্যখন পৰিচালনা কৰি আছে। এইবাৰ শিন্দেৰ মন্ত্ৰীসভাত উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰি অজিত ফড়নৱীছৰ সহায়ক হৈ পৰিল। ইয়াৰ পিছত কাৰ্যকৰীভাৱে শিন্দেৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হৈছে।











