নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহৰ ওপৰেৰে উৰি যোৱা ড্ৰোন (Drone Spotted over PM Modi’s residence)সন্দৰ্ভত তথ্য লাভ কৰে দিল্লী আৰক্ষীয়ে। এই ঘটনাত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ বিষয়াসকলে। মন কৰিবলগীয়া যে দিল্লী আৰক্ষী কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ।
Drone Spotted over PM Modi’s residence:
আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে পুৱা প্ৰায় ৫ বজাত বিশেষ সুৰক্ষা গোটৰ সদস্যসকলে দিল্লী আৰক্ষীক এই বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ কামত নিয়োজিত থাকে এছপিজিৰ বিষয়াসকল। তেওঁলোকে প্ৰথমে ড্ৰোনটো লক্ষ্য কৰে। এই তথ্য লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
বিমান পৰিবহণ নিয়ন্ত্ৰণ (এটিচি)ৰ সৈতেও যোগাযোগ কৰা হয়। কিন্তু তেনে কোনো ড্ৰোন পোৱা নগʼল। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছে, “প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত এটা অচিনাক্ত উৰণীয়া বস্তু দেখা পোৱাৰ তথ্য আমি লাভ কৰিছো। আমি কাষৰ অঞ্চলটো বিচাৰি ফুৰিলোঁ কিন্তু তেনেকুৱা একো নাপালোঁ।
এটিচিৰ সৈতেও যোগাযোগ কৰা হৈছে। তেওঁলোকেও তেনেকুৱা একো লক্ষ্য কৰা নাছিল।” এতিয়া প্ৰশ্নটো হৈছে যে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে কি দেখিলে আৰু যদি সঁচাকৈয়ে ড্ৰোনখন উৰি আছিল, কোনে উৰুৱাইছিল, উদ্দেশ্যই বা কি আছিল?