কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ চেচন হʼলত আজি ২৪৫ সংখ্যক অধিৱেশন (Karbi Anglong Autonomous Council Session) সম্পন্ন হৈ যায়।এই উপলক্ষে অধ্যক্ষ ৰাজু তিছʼৰ অধ্যক্ষতাত অনুষ্ঠিত অধিবৱশনত প্ৰথমতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য প্ৰয়াত ৰআংদআং টেৰণ, বীৰেন্দ্ৰ কুমাৰ নাথ, এল লুৱম আৰু কাৰ্বি পৰম্পৰাগত লিনদকপʼ তথা ৰজা ৰামছিং ৰংহাঙক সোঁৱৰণ কৰি আত্মাৰ সদগতিৰ বাবে সদনত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
ইয়াৰ উপৰি সদনত এক শোকৰ প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ গৰাকীয়ে শোকৰ প্ৰস্তাৱ পাঠ কৰে লগতে তেওঁ পৰৱৰ্তী কাৰ্য্যসূচীৰ ঘোষণা কৰে। বিত্তীয় বিভাগো দায়িত্ব বহন কৰা মুখ্য কাৰ্যবাসী সদস্য ডঃ তুলিৰাম ৰংহাঙে (Dr. Tuliram Ronghang) কাৰ্বি আংলং আৰু পশ্চিম আংলং জিলাৰ সম-বিকাশৰ স্বাৰ্থত বুলি উল্লেখ কৰি ওপৰঞ্চি বাজেট অনুমোদনৰ বাবে সদনত দাখিল কৰে।
পাছত অনুদান ভিত্তিত আৰ্থিক নাটনিৰ পূৰণ কৰিবলৈ ১০০ কোটিৰ ওপৰঞ্চি বাজেট সদনত গৃহীত (Budget above Rs 100 crore passed) কৰা হয়। কাৰ্বি আংলং জিলাৰ সম উন্নয়নৰ হকে ২৪৫ সংখ্যক পৰিষদৰ অধিৱেশনত ওপৰঞ্চি বাজেট সদনত গৃহীত হোৱাৰ বাবে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে পবিত্ৰ সদনত উপস্থিত থকা সদস্যসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।