![]()
অশান্ত মণিপুৰ ভ্ৰমণলৈ ওলাইছে ৰাহুল গান্ধী (Rahul Gandhi to visit violence-hit Manipur)। ২৯ আৰু ৩০ জুনত মণিপুৰত উপস্থিত হʼব ৰাহুল গান্ধী। মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে (K C Venugopal) ৰাহুলৰ ভ্ৰমণৰ কথা ঘোষণা কৰি কয়, “ৰাহুলে মণিপুৰ ভ্ৰমণৰ সময়ত হিংসাৰ ফলত আশ্ৰয় শিবিৰত থকা লোকসকলক লগ কৰিব।


মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তাৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহিল। তেতিয়াৰ পৰাই অশান্ত মণিপুৰ।








