বোকাখাতত (Bokakhat) দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগচৰ প্ৰচলন। নৱপ্ৰজন্মৰ জীৱন ধংস কৰা ড্ৰাগছৰ বিৰুদ্ধে বোকাখাত আৰক্ষীয়ে অভিযান চলাই থকাৰ পাছতো ৰোধ কৰিব পৰা নাই ড্ৰাগছ সৰবৰাহকাৰীক। বোকাখাতত এতিয়াও অব্যাহত আছে ড্ৰাগছ সৰবৰাহ। বোকাখাতত আজি AS05H 1514 নম্বৰৰ ইয়ন গাড়ীত অনা ড্ৰাগচসহ (Drugs seized) এটা ড্ৰাগছ সৰবৰাহকাৰী আটক (drug peddler arrested) হয়। যুৱকজনৰ নাম সহদেৱ দলে আৰু ঘৰ বোকাখাতৰ অগৰাতলীত বুলি জানিব পৰা গৈছে।
বিশেষ সূত্ৰৰ পম খেদি বোকাখাত আৰক্ষী, বোকাখাত যানবাহন আৰক্ষীৰ সহযোগত বোকাখাতৰ নিচামুক্তি কেন্দ্ৰৰ সদস্যই খেদি খেদি আটক কৰে যুৱক জনক। যুৱকজনৰ সৈতে গাড়ীখনত গোপনে অনা প্ৰায় ৩০ গ্ৰাম ড্ৰাগচ জব্দ কৰা হৈছে, ড্ৰাগচখিনি হেৰয়িন বুলি সন্দেহ কৰা হৈছে। দ্ৰাগচখিনিৰ মূল্য এতিয়াও নিৰ্দ্ধাৰণ হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে। লগতে কিছু নগদ ধনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে বোকাখাতত দ্ৰাগচৰ যথেষ্ট গ্ৰাহক আছে বুলি ধৃত ড্ৰাগচ পেডেলাৰ সহদেৱে সাংবাদিকৰ আগত মন্তব্য কৰিছে। অৱশ্যে ধৃত দ্ৰাগচখিনি বিক্ৰীৰ বাবে নহয়, নিজৰ বাবেহে অনা বুলি ধৃত সহদেৱে সাংবাদিকৰ আগত মন্তব্য কৰে, লগতে দ্ৰাগচ গোলাঘাটৰ পৰা আনে বুলিও কয়।