হায়দৰাবাদ আৰক্ষীয়ে (Hyderabad Police) অপহৰণ আৰু ডকাইতিৰ অভিযোগত বিজেপি নেতাসহ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে(Arrested four BJP leader)। অভিযোগ অনুসৰি, দেওবাৰে বিজেপি নেতাগৰাকীয়ে এজন ২৯ বছৰীয়া যুৱকক অপহৰণ কৰাৰ চেষ্টা চলাইছিল। কিন্তু অপহৰণত ব্যৰ্থ হয়। ব্যক্তিজনে আৰক্ষীক সকলো কথা কোৱাৰ পাছত বিজেপি নেতাকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
[caption id="attachment_103719" align="alignnone" width="700"] Four booked after failed kidnapping attempt:[/caption]
হায়দৰাবাদৰ বিজেপি নেতা গদাগনি চক্ৰধৰ গৌড় (Chakradhar Goud)। ঘটনাটো আৰম্ভ হৈছিল পত্নীয়ে লোৱা ঋণৰ পৰা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ২০১৫ চনত অবিনাশ ৰেড্ডী নামৰ এজন ব্যক্তিৰ সৈতে আৰোশিকা ৰেড্ডীয়ে বন্ধুত্ব গঢ়ি তুলিছিল। একেটা অঞ্চলতে বাস কৰিছিল। সুসম্পৰ্কৰ বাবে অবিনাশৰ পৰা ২৯ লাখ টকাৰ ঋণ লৈছিল আৰোশিকাই। আৰক্ষীয়ে গম পায় যে আৰোশিকাই অবিনাশক বিয়া কৰাব বুলিও প্ৰতিশ্ৰুতি দিছিল।

কিন্তু অভিযোগ অনুসৰি, ৯ লাখ টকা ঘূৰাই দি অবিনাশক এৰাই চলিবলৈ আৰম্ভ কৰে আৰোশিকাই। বাকী টকাখিনি অবিনাশে নাপালে। ২০১৮ চনত বিজেপি নেতা গদাগোনী চক্ৰধৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰোশিকা।শেহতীয়াকৈ বিজেপি নেতাই অবিনাশৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ অবিনাশক কয় যে তেওঁৰ পত্নী আৰোশিকাই বাকী থকা ২০ লাখ টকাৰ ঋণ ঘূৰাই দিব বিচাৰে। তাৰ বাবে তেওঁ অবিনাশক দেওবাৰে এটা নিৰ্দিষ্ট ঠাইলৈ আহিবলৈ কয়।

বিজেপি নেতাগৰাকীৰ মতে, দেওবাৰে অবিনাশে এটা নিৰ্দিষ্ট স্থানত অপেক্ষা কৰি আছিল। কিন্তু টকাখিনি দিয়াৰ সলনি গদাগনী চক্ৰধৰ আৰু তেওঁৰ তিনি সহযোগীয়ে অবিনাশৰ মোবাইল ফোনটো কাঢ়ি লৈ তেওঁক প্ৰহাৰ কৰি অপহৰণ কৰাৰ চেষ্টা কৰে।

কোনোমতে পলায়ন কৰি ওচৰৰ থানা পালেহি অবিনাশ। তাতেই বিজেপি নেতা আৰু তেওঁৰ সঙ্গীসকলৰ বিৰুদ্ধে অপহৰণ আৰু ডকাইতিৰ এজাহাৰ দাখিল কৰা হয়। ইয়াৰ পিছত হায়দৰাবাদৰ সেই বিজেপি নেতাকে ধৰি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হয়।