![]()
আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী (International Day against Drug) আৰু অবৈধ সৰবৰাহ দিৱসৰ লগত সংগতি ৰাখি ডিফু (Diphu)ত প্ৰায় আঠ চল্লিছ কোটি, চল্লিছ লাখ, পাঁছ হাজাৰ নশ টকাৰ নিচাযুক্ত ড্ৰাগছ দাহন (Burning of intoxicating drugs) কৰে জিলা ড্ৰাগছ ডিছপ’জেল কমিটিয়ে (District Drugs Department Committee)৷

আজি পুৱা প্ৰায় ৯ মান বজাত ডিফুৰ সমীপৰ ৭ মাইল ইটা ভাটাৰ চুল্লিত প্ৰদূষণ মুক্ত এলেকাত জিলা ড্ৰাগছ ডিছপ’জেল সমিতিৰ নিৰ্দেশ মৰ্মে ড্ৰাগছখিনি দাহ কৰে৷ ড্ৰাগছ ডিছপ’জেল সমিতিৰ হৈ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, অতিৰিক্ত উপায়ুক্ত ডঃ টিংকুমনি বৰা, এছডিএম নৰেন্দ্ৰ নাথ ৰাজখোৱা, হাওৰাঘাটৰ আৱকাৰী উপপৰিদৰ্শক দিগন্ত বৰুৱাৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য) কংকন কুমাৰ নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নয়নজ্যোতি বৰ্মণ আৰু জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা উপস্থিত থাকে৷

প্ৰায় ৪৮ কোটি আৰু ৪০ লাখ টকাৰ নিচাযুক্ত ড্ৰাগছৰ ভিতৰত ১১’২৬২ কেজি হেৰ’ইন, ১৭১৮’৭৮৪ কেজি গাঞ্জা, ৬৬’৫৬৮ কেজি অপিয়াম, ক্ৰিয়েষ্টল বা ছিয়াবু ৫’২৩৮ কেজি, কাঁহৰ চিৰাপ ৩৫৮ বটল আৰু নিচাযুক্ত টেবলেট ৮৫০৬৮ ৷ আনহাতে বোকাজান চৰকাৰী ৰে’ল আৰক্ষীৰ ৫৮৫’৯৯ কেজি হেৰ’ইন আৰু ১৫’১৪২ কেজি গাঞ্জা দাহ কৰা হয়৷












