মণিপুৰত (Manipur Violence) ডেৰমাহতকৈ অধিক সময় ধৰি চলি থকা ধাৰাবাহিক হিংসাত্মক ঘটনাত নিহত হোৱা লোকৰ সংখ্যা ১৫০ জন হৈছেগৈ। গৃহহীন প্ৰায় ৫০ হাজাৰ লোক। অৱশেষত মণিপুৰৰ পৰিস্থিতিৰ ওপৰত কেন্দ্ৰই যেন সাৰ পালে। বিৰোধীৰ দাবী অনুসৰিয়ে শনিবাৰে দিল্লীত (Delhi) কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সৰ্বদলীয় বৈঠকৰ আহ্বান জনায়। যাৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৩ বজাত সংসদ ভৱনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে।
[caption id="attachment_103562" align="alignnone" width="1200"] Amit Shah to chair all-party meeting today :[/caption]
বিগত এমাহত বিৰোধীয়ে বাৰে বাৰে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ দাবী জনাই আহিছে। গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কুকি আৰু মেইটেইৰ মূল অঞ্চল পৰিদৰ্শন কৰি কিছু পদক্ষেপ লোৱাৰ পিছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। এনে পৰিস্থিতিত মেইটেই সামাজিক সংস্থাৰ যৌথ মঞ্চ থৌবাল অপুনবা লুপে চলিত সপ্তাহৰ আৰম্ভণিতে এক বিবৃতি জাৰি কৰি নৰেন্দ্ৰ মোডী চৰকাৰে মণিপুৰত শান্তি অনাৰ ইচ্ছাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ পিছতে এখন সৰ্বদলীয় সভা আহ্বান কৰা হয়।

মণিপুৰত ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতি যূযুধান মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বিভিন্ন সংগঠনে ৰাজহুৱাভাৱে অনাস্থা প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত মণিপুৰত ৰাষ্ট্ৰপতি শাসন জাপি দিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। কিন্তু শুকুৰবাৰৰ বৈঠকত কেন্দ্ৰই এনে সম্ভাৱনাক নাকচ কৰে। উল্লেখযোগ্য যে যোৱা ৩ মেʼত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ ৰাজ্যখনত অশান্তি আৰম্ভ হয়।

মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তাৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে। আৰু সেই ঘটনাৰ পৰাই সংঘাত আৰম্ভ হয়।