গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা আজি বোকাখাত (Bokakhat)ত আয়োজিত এক ৰাজহুৱা সভাত বোকাখাতৰ পৰা নুমলীগড়লৈকে (From Bokakhat to Numaligarh) হ’বলগা প্ৰস্তাৱিত চাৰিলেন যুক্ত পথৰ (Four-lane connected Road) তিনিটা আৰ্হি বোকাখাতৰ জনসাধাৰণৰ আগত উপস্থাপন কৰে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে৷ কাজিৰঙাৰ এনিমেল কৰিডৰৰ উৰণীয়া সেঁতুৰ পিছতেই আজি বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত পথ নিৰ্মানৰ বাবে উক্ত ৰাজহুৱা সভাখন অনুষ্ঠিত হয়৷
সভাত বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা (Minister Atul Bora), গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰৱীন, বোকাখাতৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, লোক নিৰ্মাণ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ উপৰিও সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ৷
ৰাজহুৱা সভাখনতেই লোক নিৰ্মাণ বিভাগৰ অৱসৰ প্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা শান্তনু ভট্টচাৰ্যই বোকাখাতৰ প্ৰস্তাৱিত চাৰিলেনযুক্ত পথৰ প্ৰস্তাৱিত তিনিটা আৰ্হিৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ বিষয়াগৰাকীৰ সচিত্ৰ উপস্থাপন কৰে।
উপস্থাপনৰ পিচতেই ৰীতা হাজৰিকা, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিপুল বৰা, চুজা আহমেদ, অভিজিত নাথ, অসম চাহ জন জাতি ছাত্ৰ সন্থাৰ অনিত গড়, বিজু পেগু, প্ৰনৱ দলে, ৰাইজৰ দলৰ জীৱন চন্দ্ৰ বৰা আদি ব্যক্তিসকলে নিজৰ নিজৰ বক্তব্য দাঙি ধৰে ৷ বক্তব্যত সকলোৱে বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটি যোৱাটোকে বিচাৰে ৷ মত বিনিময়ৰ শেষত মন্ত্ৰী অতুল বৰাই সভালৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনোৱাৰ লগতে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় পথ নিৰ্মাণত বোকাখাতৰ জনসাধাৰণ সহযোগিতা কামনা কৰে৷
আজিৰ সভাৰ পিচত বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মানৰ বাবে কাৰোবাৰ কিবা পৰামৰ্শ থাকিলে লিখিত জিলা আয়ুক্তলৈ দিব পাৰিব বুলিও অৱগত কৰে ৷ উল্লেখ্য যে আজি প্ৰদৰ্শিত আৰ্হিৰ সবিশেষ প্ৰতিবেদন লোক নিৰ্মাণ বিভাগে অহা আগষ্টৰ ভিতৰত চৰকাৰ হাতত অৰ্পণ কৰিব আৰু চৰকাৰৰ অনুমোদনেৰে এই প্ৰস্তাৱ ৰূপায়ণৰ বাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পথ প্ৰধিকৰণক অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে৷