আমেৰিকান কংগ্ৰেছৰ যুটীয়া অধিবেশন (U.S. Congress Joint Session)ত ‘মোডী-ঢৌ’। ভাষণৰ শেষত হাতচাপৰি আৰু ‘মোডী মোডী’ শ্লোগানেৰে হলটো (Modi Modi Slogan) মুখৰিত হৈ পৰে। বহু লোকে আসনৰ পৰা থিয় হৈ সন্মান প্ৰদৰ্শন কৰা দেখা যায়। আমেৰিকাৰ নেতাসকলৰ মাজতো তেওঁৰ চৌপাশে চেলফি উঠাৰ আগ্ৰহ।
তিনিদিনীয়া আমেৰিকা ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী মোডী (PM Modi US visit)। মঙলবাৰে পুৱা তেওঁ দিল্লীৰ পৰা বিমানেৰে আমেৰিকাত উপস্থিত হয়। আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিবেশনত ভাষণ দিবলৈ বাইডেন চৰকাৰে মোডীক আমন্ত্ৰণ জনাইছিল। বৃহস্পতিবাৰে তাত ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণত ভাৰত-আমেৰিকাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ পৰা আৰম্ভ কৰি গণতন্ত্ৰ, অৰ্থনীতি, পৰিবেশ, সন্ত্ৰাসবাদ আদি বিভিন্ন বিষয়ৰ কথা আহে। প্ৰায় এঘণ্টাৰ এই দীঘলীয়া ভাষণত আপ্লুত হয় আমেৰিকাৰ কংগ্ৰেছৰ হাউছ অব ৰিপ্ৰেজেণ্টেটিভৰ অধ্যক্ষ কেভিন মেককাৰ্থীকে ধৰি আন আন নেতাসকল। মোডীক সন্মান জনাই আসনৰ পৰা থিয় দিলে মেককাৰ্থীয়ে। হাত মিলাবলৈ আগবাঢ়ি আহে।
কিন্তু মোডীৰ অটোগ্ৰাফ লʼবলৈ আৰু তেওঁৰ সৈতে চেলফি লʼবলৈ বিচৰা লাইনৰ আটাইতকৈ বেছি ভিৰ দেখা গʼল। আমেৰিকাৰ সাংসদ আৰু ভাৰতীয় বিশিষ্ট ব্যক্তিসকলে মোডীৰ চেলফি আৰু অটোগ্ৰাফ লোৱাত ব্যস্ত থকাৰ সময়তে সমগ্ৰ হলত ‘ভাৰত মাতা কি জয়’ আৰু ‘বন্দে মাতৰম’ৰ ধ্বনি প্ৰতিধ্বনিত হয়।
আমেৰিকাত ভাৰতীয়ৰ কথা কওঁতে কমলা হেৰিছলৈ আঙুলিয়াই দি মোডীয়ে কয়, “আমাৰ মাজত ভাৰতীয় মূলৰ বহু আমেৰিকান বহি আছে। মোৰ পিছত এজন ব্যক্তি আছে যিয়ে ইতিহাস ৰচনা কৰিছে।” প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যৰ বাবে বহুতে প্ৰশংসা কৰে।
অধিবেশনৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে প্ৰধানমন্ত্ৰী মোডীৰ বাবে নিশাৰ আহাৰৰ আয়োজন কৰে। ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানীৰ পৰা আৰম্ভ কৰি আনন্দ মহিন্দ্ৰাৰ পৰা গুগলৰ চিইঅ’ সুন্দৰ পিচাইলৈকে তাত উপস্থিত থাকে। লগতে উপস্থিত থাকে মাইক্ৰোছফ্টৰ চিইঅ’ সত্য নাডেলা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।
হোৱাইট হাউছৰ দক্ষিণ লনত বিশেষভাৱে সজোৱা পেভিলিয়নত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ ৪০০ৰো অধিক অতিথিক আমন্ত্ৰণ জনোৱা হৈছিল। বিশেষ নিৰামিষ খাদ্যৰে সজাই তোলা হয় প্ৰধানমন্ত্ৰীৰ থাল।