বিতৰ্কই লগ এৰা ‘আদিপুৰুষ’ (Adipurush) ৰ। প্ৰচাৰৰ খলকনি সৃষ্টিৰ পিছত মুক্তিৰ পিছৰে পৰা এটাৰ পিছত এটাকৈ সমালোচনাই বিদ্ধ কৰি আহিছে এই ছবিখনক। ছবিখন মুক্তি পোৱাৰ পিছত ইয়াৰ তীব্ৰতা আৰু বৃদ্ধি পায়।
কিছুদিন পূৰ্বে ৰমানন্দ সাগৰৰ ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে ‘আদিপুৰুষ’ৰ বিৰুদ্ধে সৰৱ হৈছিল। লক্ষ্মণৰ চৰিত্ৰ অভিনেতা সুনীল লাহিৰীয়েও শেহতীয়াকৈ মুখ খোলে। এইবাৰ উক্ত তালিকাত নতুনকৈ সংযোজন হৈছে বি আৰ চোপ্ৰাৰ ‘মহাভাৰত’ত যুধিষ্ঠিৰ চৰিত্ৰত অভিনয় কৰা গজেন্দ্ৰ চৌহান।
তেওঁ ‘আদিপুৰুষ’ নিষিদ্ধ কৰিবলৈ দাবী জনায়।উল্লেখযোগ্য যে ওম ৰাৱাত পৰিচালিত ‘আদিপুৰুষ’ত দুৰ্বল ভিএফএক্স, আপত্তিজনক সংলাপৰ সমস্যাই জুৰুলা কৰিছে। হিন্দু ধৰ্মৰ আৱেগক আঘাত হনাৰ অভিযোগ উত্থাপন হৈছে।
অভিনেতা তথা এফটিআইআইৰ (ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া) পৰিচালক গজেন্দ্ৰই কয় যে তেওঁ টিকটটো কিনিছিল, কিন্তু ছবিখন চাবলৈ ছবিগৃহলৈ যোৱা নাছিল। ছবিখন চাবলৈ তেওঁক বিবেকে বাধা দিয়া বুলি কয়। ছবিখনৰ ট্ৰেইলাৰ আৰু কিছুমান চুটি ক্লিপ চোৱাৰ পিছত তেওঁ অনুভৱ কৰে যে ছবিখন চোৱাৰ কোনো অৰ্থ নাই।
তেওঁৰ স্পষ্ট কথা, “মই মোৰ বিশ্বাসৰ লগত আপোচ কৰিব নোৱাৰো। ভগৱান ৰামক ভগৱান শ্ৰীৰাম হিচাপে চাব বিচাৰো।”
গজেন্দ্ৰই অনুভৱ কৰে যে ইয়াৰ আঁৰত এক গভীৰ ষড়যন্ত্ৰ আছে। তেওঁৰ মতে, “এই নিৰ্মাতাসকলে পৰৱৰ্তী প্ৰজন্মক দুৰ্নীতিগ্ৰস্ত কৰিব বিচাৰে। যুৱক-যুৱতীসকলৰ মন বিষাক্ত কৰিব বিচাৰে।”