এবছৰৰ অপেক্ষাৰ শেষত জগন্নাথ ধামত (Jagannath Dham) ৰথৰ ৰছী টানিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী গৈ উপস্থিত হৈছে।
পুৰীৰ ৰাজপথত লাখ লাখ ভক্তৰ ভিৰ। অৱশ্যে এই ভিৰৰ মাজতেই সমস্যাৰ সৃষ্টি হয়। ভিৰৰ হেঁচা, ভৰিৰে গচকি যোৱাৰ দৰে ঘটনাত আহত হয় ১৪ জন ভক্ত। আনহাতে, কমেও ৮২ জন লোক অসুস্থ হয়।
স্থানীয় সূত্ৰ মতে, মঙলবাৰে বিয়লি ৩.৪০ বজাত পুৰীত প্ৰথমে টনা হৈছিল ৰথৰ ৰছী। ভগৱান বলৰামৰ তালধ্বজ ৰথৰ ৰছী টানি বিপত্তিৰ সৃষ্টি হয়। আৰম্ভণিতে ভক্তৰ মাজত ঠেলা-হেঁচাৰ সৃষ্টি হয়। দুৰ্ঘটনাটো সংঘটিত হয় তালধ্বজ ৰথ মাৰিচিকোট চʼকত উপস্থিত হোৱাৰ সময়ত। ভিৰৰ বাবে বহু লোক পৰি যায়। তেতিয়াই পদপিষ্টৰ দৰে ঘটনা ঘটে। ফলত ১৪ জন লোক আহত হয়।