উত্তৰ প্ৰদেশৰ নয়দাৰ (Noida in Uttar Pradesh) এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত কাজিয়াত (Service charge debate at the Restaurant) লিপ্ত হয় এটা পৰিয়াল। খাদ্যৰ বিলত ৯৭০ টকাৰ ছাৰ্ভিচ চাৰ্জ (Service Charge on Food Bill) যোগ কৰাত আৰম্ভ হয় তৰ্ক-বিতৰ্ক। তৰ্ক-বিতৰ্ক ক্ৰমান্বয়ে কাজিয়াত পৰিণত হয়। দুয়োপক্ষই থানাত এফআইআৰ দাখিল কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত ৰেষ্টুৰেণ্টখনৰ তিনিজন কৰ্মচাৰী আৰু পৰিয়ালটোৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে।
যোৱা দেওবাৰে নিশা নয়ডাৰ এটা মলত ফুৰিবলৈ গৈছিল এটা পৰিয়াল। পিছত সকলোৱে একেটা মলৰ ৰেষ্টুৰেণ্টত নিশাৰ আহাৰ গ্ৰহণ কৰে। বিল হয় ১১,২০৯ টকা। কিন্তু বিলখন চাই থাকোঁতে পৰিয়ালটোৱে উপলব্ধি কৰে যে ছাৰ্ভিচ চাৰ্জ হিচাপে বিলখনত ১০ শতাংশ অৰ্থাৎ ৯৭০ টকা যোগ কৰা হৈছে।
যাৰ বাবে পৰিয়ালটোৱে আপত্তি কৰে। তাৰ পৰাই আৰম্ভ হয় বিবাদ। অভিযোগ অনুসৰি, পৰিয়ালটোৰ এগৰাকী মহিলাক প্ৰহাৰ কৰা হয়। লগতে তেওঁৰ মোবাইল ফোনটো পেলাই দিয়াৰো অভিযোগ উত্থাপন হৈছে। আনহাতে, পৰিয়ালৰ লোকে ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেওঁলোকক মাৰপিট কৰাৰ অভিযোগ তোলে । লগতে আহত হয় কেইবাজনো কৰ্মচাৰী। ৰেষ্টুৰেণ্টখনত আচবাব ভাঙি চূৰমাৰ কৰা হয়।
দুয়োপক্ষই ইটোৱে সিটোৰ বিৰুদ্ধে ছেক্টৰ ১১৩ থানাত অভিযোগ দাখিল কৰে। দেওবাৰে নিশা সংঘটিত এই ঘটনা সন্দৰ্ভত দুয়োপক্ষই পৃথকে পৃথকে থানাত এজাহাৰ দাখিল কৰা বুলি নয়দাৰ উপ-আয়ুক্ত হৰিশ চান্দৰে প্ৰকাশ কৰে। আৰক্ষীৰ তদন্তৰ অন্তত দুয়োপক্ষৰ পৰা মুঠ ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।