এইবাৰ বিচিচিআইক আক্ৰমণ প্ৰাক্তন পাক ক্ৰিকেটাৰ জাভেদ মিয়াদাদৰ (Javed Miandad) । তেওঁৰ স্পষ্ট বক্তব্য, যেতিয়া বিচিচিআয়ে পাকিস্তানলৈ দল পঠোৱা নাই, তেতিয়া পাকিস্তানে ভাৰতলৈ গৈ বিশ্বকাপ খেলাৰ প্ৰয়োজন নাই। খচৰা সূচী অনুসৰি, অহা ১৫ অক্টোবৰত আহমেদাবাদত ভাৰত-পাকিস্তানৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা।
কিন্তু মিয়াদাদে কয়, “২০১২ আৰু ২০১৬ চনত পাকিস্তানে ভাৰত ভ্ৰমণ কৰিছিল। এতিয়া পাকিস্তানলৈ অহাৰ পাল ভাৰতৰ।” তাৰ পিছত মিয়াদাদে লগতে কয়, “মই যদি সিদ্ধান্ত লʼব পৰা অৱস্থাত থাকিলোহেঁতেন, তেন্তে মই ভাৰতত বিশ্বকাপ খেলিবলৈ নগʼলোহেঁতেন। ভাৰতৰ বিৰুদ্ধে খেলিবলৈ আমি সদায় আগ্ৰহী। কিন্তু ভাৰতে কোনো আগ্ৰহ প্ৰকাশ নকৰে।” মিয়াদাদে লগতে কয়, “পাকিস্তান ক্ৰিকেটক ইমান অৱনমিত কৰিব পৰা একো নাই। আমি অহৰহ প্ৰতিভা আনি আছো।
গতিকে ভাৰতত নেখেলিলে পাকিস্তান ক্ৰিকেটৰ বিশেষ ক্ষতি হ’ব বুলি মই নাভাবো। মই স্পষ্ট, যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে তেন্তে আমিও কঠোৰ ব্যৱস্থা লোৱা উচিত।”উল্লেখ্য, ভাৰতে শেষবাৰৰ বাবে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ গৈছিল ২০০৮ চনত। তেতিয়াৰ পৰা দেশখনত ভৰি থোৱা নাই টিম ইণ্ডিয়াই। নিৰাপত্তাই কাৰণ। মিয়াদাদে কয়, “ৰাজনীতি খেলৰ লগত মিহলি কৰাটো ঠিক নহয়। খেলে দুয়োখন দেশৰ জনসাধাৰণক আৰু ওচৰলৈ আনিব পাৰে।”