তিনিদিনীয়া আমেৰিকা ভ্ৰমণলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Narendra Modi)। দিল্লীৰ পৰা তেওঁৰ বিমানখন মঙলবাৰে পুৱা আমেৰিকালৈ ৰাওনা হয়। ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা প্ৰায় ১.৩০ বজাত ৱাশ্বিংটনৰ এণ্ড্ৰুজ বায়ুসেনা ঘাটিত অৱতৰণ কৰিব। তাত ভাৰতীয় বংশোদ্ভৱ আমেৰিকান লোকৰ এটা দলে তেওঁক আদৰণি জনাব।
মোডীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণসূচীৰে যাত্ৰা কৰিছে। তাত তেওঁ ভাৰতীয় মূলৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিব। বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হʼবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (International Yoga Day) কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। বৃহস্পতিবাৰে অৰ্থাৎ ২২ জুনত মোডীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ (Joe Biden) বৈঠক হ’ব। এই বৈঠকত আন্তর্জাতিক সমাজে নজৰ ৰাখিছে৷ বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত মোডীৰ সৈতে এইটোৱেই হʼব প্ৰথম সম্পূৰ্ণ দ্বিপাক্ষিক আলোচনা।
বৈদেশিক সচিব বিনয়মোহন কোৱাট্ৰাই সাংবাদিকৰ আগত কয় যে হোৱাইট হাউছৰ (White House) আলোচনা মেজত মোডী আৰু বাইডেনে কি বিষয় উত্থাপন কৰিবলৈ ওলাইছে। এই বৈঠকত আলোচনাৰ মূল বিষয় হʼবলৈ গৈ আছে প্ৰতিৰক্ষা সঁজুলিৰ উৎপাদন আৰু বিকাশৰ ক্ষেত্ৰত দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতা। ইয়াৰ উপৰি উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰতো মোডী-বাইডেনৰ আলোচনা হ’ব। টেলিকম, মহাকাশ গৱেষণাত বিনিয়োগ সন্দৰ্ভতো আলোচনা হ’ব।বৃহস্পতিবাৰৰ বৈঠকৰ অন্তত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকান কংগ্ৰেছৰ যৌথ অধিবেশনত ভাষণ দিব।
ইয়াৰ পিছতে তেওঁ বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ কথা। পিছদিনা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে মোডীৰ সন্মানত মধ্যাহ্নভোজনৰ আয়োজন কৰিছে।আমেৰিকাৰ পৰা ইজিপ্তলৈ যাব মোডী। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিয়ে চলিত বৰ্ষত নতুন দিল্লীত গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। তেওঁৰ আমন্ত্ৰণত প্ৰথমবাৰৰ বাবে ইজিপ্ত ভ্ৰমণ কৰিব মোডীয়ে। ২৪ আৰু ২৫ জুনত ইজিপ্তত উপস্থিত হʼব তেওঁ। তাতো তেওঁৰ কেইবাটাও অনুষ্ঠান আছে।