বিগত কেইদিনমানৰ পৰা চলি থকা ধাৰাসাৰ বৰষুণে অসমত বান পৰিস্থিতিৰ (Assam’s Flood) সৃষ্টি কৰিছে। ৰাজ্যত সৃষ্টি হোৱা বছৰৰ প্ৰথমটো বানত ৩৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, বানৰ কবলত পৰিছে ১১খন জিলা। ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দলৰ তথ্য অনুসৰি, ব্ৰহ্মপুত্ৰ নদীৰ লগতে আন কিছু নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিন্তু এতিয়ালৈকে জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰা নাই। উল্লেখ্য, বিগত বছৰত হোৱা চাৰিটাকৈ বানত জুৰুলা হৈ পৰিছিল ৰাজ্যখন। সেই সময়ত বহু লোকে কষ্ট ভোগ কৰিবলগা হৈছিল।
আনহাতে, ৰাজ্যিক প্ৰশাসনৰ তথ্য অনুসৰি, এই পৰ্যন্ত মুঠ ৩৪ হাজাৰ ১৮৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ১৪ হাজাৰ ৬৭৫ গৰাকী মহিলা আৰু ৩ হাজাৰ ৭৮৭ গৰাকী শিশু। বিশ্বনাথ, দৰং, ধেমাজি, লখিমপুৰ, তামুলপুৰকে ধৰি ১১খন জিলা ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। জিলাখনত ২৩ হাজাৰ ৫১৬ জনতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ডিব্ৰুগড়ত ক্ষতিগ্ৰস্ত হৈছে ৩ হাজাৰ ৮৫৭ জন লোক। দৰঙত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২২৩১ জন। বিশ্বনাথ জিলাত ২২৩১ জন লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজিত ক্ষতিগ্ৰস্ত হৈছে ১ হাজাৰ ৮৫ জন লোক।
আনহাতে, বান পৰিস্থিতিৰ বাবে স্থাপন কৰা হৈছে ১১টা সাহায্য শিবিৰ। ইয়াৰে ভিতৰত লখিমপুৰত ৮টা সাহায্য শিবিৰ।ওদালগুৰিত মুকলি কৰা হৈছে ২টা সাহায্য শিবিৰ। অসমত ৭৭খন গাঁও ভয়াৱহভাৱে ক্ষতিসাধন হৈছে বুলি দুৰ্যোগ সঁহাৰি বাহিনীয়ে প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত হৈছে ২০৯.৬৭ হেক্টৰ কৃষি ভূমি। ডিমা হাছাও আৰু কামৰূপ জিলাত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।