যোৱা নিশা বোকাখাত আৰক্ষী (Bokakhat Police)য়ে অভিযান চলাই মূল্যবান চোৰাং কাঠসহ এখন টাটা ডি আই গাড়ী জব্দ (Seized valuable smuggled timber) কৰিবলৈ সক্ষম হয় ৷ বোকাখাতৰ লখৌজান চাহ বাগিছাৰ পৰা AS 03 CC 2541 নম্বৰৰ টাটা ডি আই গাড়ীখনত মূল্যবান কাঠ বোজাই কৰি যোৰহাটৰ দিশে গতি কৰাৰ সময়তে বোকাখাত আৰক্ষীৰ এটা তহলদাৰী দলে মূল্যবান কাঠভৰ্তি গাড়ীখন জব্দ কৰে৷
গাড়ীখন ৰখায়েই চালকজন পলায়ন কৰে৷ পিছত কেৰেঙৰ জৰিয়তে গাড়ীখন বোকাখাত থানালৈ আনে৷বোকাখাত আৰক্ষীয়ে বৰ্তমানলৈকে কোনো লোককে আটক কৰিব পৰা নাই যদিও অবৈধ কাঠ সৰবৰাহৰ সৈতে এক বিশেষ চক্ৰ জড়িত হৈ থকা বুলি সন্দেহ কৰা হৈছে৷ ঘটনাৰ সম্পৰ্কত অধিক জানিবলৈ বোকাখাত আৰক্ষীৰ কাষ চপা হৈছিল যদিও মন্তব্য দিয়াৰ পৰা বিৰত থাকে।