ওড়িশাৰ বালাশ্বৰত (Odisha Balasore) সংঘটিত ভয়ংকৰ ৰেʼল দুৰ্ঘটনাৰ পিছত বাহানগা বজাৰ হাইস্কুলক (Bahanaga High School) অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বগা কাপোৰেৰে মেৰিয়াই শাৰী শাৰীকৈ মৃতদেহ বিদ্যালয়লৈ অনা হৈছিল। কিন্তু শীত-তাপ নিয়ন্ত্ৰন ব্যৱস্থাৰ অভাৱত মৃতদেহবোৰ পচিবলৈ ধৰে। পিছত ভুৱনেশ্বৰৰ চাৰিখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। এইবাৰ জিলা প্ৰশাসনে সেই বিদ্যালয়খন ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়। শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে বিদ্যালয়খন ভাঙি পেলোৱাৰ কাম। অভিভাৱকৰ প্ৰস্তাৱ মানি কাষতে নিৰ্মাণ হʼব নতুন বিদ্যালয় ভৱন।
যোৱা শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে নিশালৈকে বাহানগা হাইস্কুলত বহু অচিনাক্ত মৃতদেহ আছিল। ইয়াৰ পিছতে মৃতদেহবিলাক নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী বিজনেছ পাৰ্কলৈ লৈ যোৱা হয়। বিদ্যালয় চৌহদত হোৱা দুৰ্গন্ধৰ বাবে পৰিষ্কাৰ কৰাৰ উপৰি বিদ্যালয়খন ছেনিটাইজ কৰা হয়। কিন্তু তাৰ পিছতো বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীক লৈ যোৱাৰ বাবে অভিভাৱকসকলে উদ্বেগ প্ৰকাশ কৰে।
বিষয়টো জানিব পাৰি বালাশ্বৰৰ জিলা দণ্ডাধীশে বিদ্যালয়ত উপস্থিত হৈ অভিভাৱকৰ সৈতে আলোচনা কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীক ভয় নকৰিবলৈ বাৰ্তা দিয়ে। জিলা দণ্ডাধীশে বিদ্যালয়খনৰ বৰ্তমানৰ ভৱন ভাঙি নতুন ভৱন নিৰ্মাণৰ বাবে অভিভাৱকসকলে আগবঢ়োৱা প্ৰস্তাৱটো চোৱাচিতা কৰাৰ আশ্বাস দিয়ে। অৱশ্যে এই সন্দৰ্ভত ৰিপোৰ্ট নিদিবলৈ অনুৰোধ জনায়।