বোকাখাত (Bokakhat)ত আজি মুখ্যমন্ত্রী জন আৰোগ্য যোজনা (MMJAY)-ৰ অন্তর্গত আয়ুষ্মান অসম কাৰ্ড প্ৰদান (Ayushman Assam card issued) কৰা হয়। আয়ুষ্মান অসম কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই। এই উপলক্ষে বোকাখাত নাট্য মন্দিৰত আয়োজিত এক কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ উপস্থিতিত বোকাখাত মহকুমাৰ মুঠ ৩৩ জন হিতাধিকাৰীক আয়ুষ্মান অসম কাৰ্ড আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।
বোকাখাত মহকুমাত বৰ্তমান প্রায় ৯১,০০০ জন হিতাধিকাৰীৰ নাম এই যোজনাৰ অধীনত পঞ্জীয়ন কৰা হৈছে। উল্লেখ্য যে যোৱা ২৮ ম’ত আয়োজন কৰিও অনিৰ্দিষ্ট কাৰণত বাতিল হৈছিল এই অনুষ্ঠান। কাৰ্ডসমূহ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত “আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা”ক সম্প্ৰসাৰণ ঘটাই অসমৰ স্বাস্থ্য খণ্ডত সংযোজন ঘটোৱা এই অভিলাষী আঁচনিখনৰ জৰিয়তে ৫ লাখ টকাৰ নগদবিহীন চিকিৎসাৰ নিশ্চয়তা প্ৰদানেৰে স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰা হ’ব। সকলোৰে বাবে স্বাস্থ্য সুৰক্ষা সহজলভ্য কৰি তোলা “আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা” ধ্বজাবাহী আঁচনিখন অসমৰ স্বাস্থ্যসেৱাৰ এক মাইলৰ খুঁটি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব। আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত তথা বোকাখাত মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ নেহা যাদৱে। অনুষ্ঠানত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) ৱাছবীৰ চুভানী, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া সৌভিক দত্ত প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া, বোকাখাত মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়া-কৰ্মচাৰী,বোকাখাতৰ পৌৰপতি, উপ-পৌৰপতি, ৱাৰ্ড কমিছনাৰসকল, পঞ্চায়ত প্ৰতিনিধিসকল, হিতাধিকাৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।