![]()
নিৰ্ধাৰিত সময় পাৰ হৈ গʼল। বৰ্ষাই এতিয়াও দেশত ভৰি দিয়া নাই। গৰমত দহিছে দেশৰ একাংশ। এই পৰিস্থিতিত সকাহ পাবলৈ সকলোৱে বাৰিষাৰ বাবে অপেক্ষা কৰি আছে। কিন্তু ঘূৰ্ণীবতাহ এজাকে বাৰিষাৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে (Cyclones can create monsoon obstructions)। সেই ধুমুহা সৃষ্টিৰ বাবেই এইবাৰ পলমকৈ বাৰিষা দেশত প্ৰৱেশ কৰিব পাৰে। বতৰ বিভাগে তেনেকৈয়ে ভাবে।
দক্ষিণ-পশ্চিম আৰব সাগৰৰ ওপৰত সৃষ্টি হৈছে ঘূৰ্ণীবতাহ। যিটো সোমবাৰে নিম্ন চাপলৈ পৰিণত হয়। মঙলবাৰে এই নিম্ন চাপ উত্তৰ আৰু উত্তৰ-পশ্চিম দিশলৈ গৈ দক্ষিণ-পূব আৰু ইয়াৰ কাষৰীয়া পূব-মধ্য আৰব সাগৰৰ ওপৰত গভীৰ চাপলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পিছত আগন্তুক দিনত বৰ্ধিত শক্তিৰে ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আৰব সাগৰৰ এই পৰিস্থিতিয়ে বাৰিষাৰ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিব বুলি আশংকা কৰা হৈছে। কিন্তু ঘূৰ্ণীবতাহৰ সৃষ্টি হʼলে কোন দিশলৈ যাব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বতৰ বিজ্ঞানীসকলে আৰব সাগৰৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
দেশত বাৰিষাৰ আগমনৰ সাধাৰণ সময় ১ জুন। দেশৰ ভিতৰতে প্ৰথম বাৰিষা কেৰালাত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে বতৰ বিভাগে জনাইছিল যে এইবাৰ দেশত বাৰিষা পলম হʼব (Monsoon will be delayed in the country)। ৪ জুনত কেৰালাত আহিব পাৰে বৰ্ষা। কিন্তু এতিয়াও কোনো লক্ষণ দেখা নাই। আৰু এই কাৰণতে বাৰিষা কেতিয়া আহিব সেই লৈ আলোচনা আৰম্ভ হৈছে। বতৰ বিভাগৰ মতে, অহা ৩-৪ দিনত বৰ্ষা কেৰালাত প্ৰৱেশ কৰিব পাৰে।











