![]()
মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ (Narcotics Control Bureau) (এনচিবি) (NCB) উদ্যোগত আৰম্ভ হৈছে দেশৰ ইতিহাসৰ সৰ্ববৃহৎ নিচাজাতীয় দ্ৰব্যবিৰোধী অভিযান (Anti-narcotics campaign)। খবৰ অনুসৰি, জব্দ কৰা হৈছে হাজাৰ হাজাৰ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছ এলএছডি (Seized banned drugs LSD)। এই সংস্থাটোৱে সমগ্ৰ দেশতে চলি থকা ড্ৰাগছ ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান চলাইছে বুলি জানিব পৰা গৈছে।
লগতে গ্ৰেপ্তাৰ হৈছে কেইবাজনো সৰবৰাহকাৰী।এনচিবিৰ দাবী যে স্বাধীন ভাৰতৰ ইতিহাসত কেতিয়াও ইমান নিষিদ্ধ ড্ৰাগছ একেলগে জব্দ হোৱা নাছিল। এনচিবিয়ে সংবাদমেল আহ্বান কৰি এই অভিযানৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিব। এই অভিযান সন্দৰ্ভত বিতং তথ্য থাকিব।

যোৱা মাহত ভাৰতীয় নৌসেনাৰ সৈতে যৌথ অভিযানত কেৰালাৰ উপকূলৰ পৰা ২৫২৫ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ মেথামফেটামাইন জব্দ কৰা হৈছিল। যাৰ বজাৰ মূল্য আছিল ২৫ হাজাৰ কোটি টকা। এনচিবিৰ উপ-সঞ্চালক প্ৰধান (অপাৰেচন) সঞ্জয় কুমাৰ সিঙে সেই সময়ত দাবী কৰিছিল যে আৰ্থিক মূল্যৰ ক্ষেত্ৰত এতিয়ালৈকে সৰ্ববৃহৎ। কিন্তু এজেন্সীৰ সূত্ৰ অনুসৰি, এইবাৰ সেই মূল্য অতিক্ৰম কৰিব।
নৌসেনাৰ সৈতে যৌথ অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন সমুদ্ৰগুপ্ত’। এই অভিযান ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল। এই অভিযানত এতিয়ালৈকে প্ৰায় ৪০০০ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে।










