ভয়াৱহতা এতিয়াও শেষ হোৱা নাই। শুকুৰবাৰে ওড়িশাৰ (Odisha) বালাশ্বৰত তিনিখন ৰেʼলৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ মৃত্যু হয়। এই পৰ্যন্ত আহত হৈছে হাজাৰৰো অধিক লোক। এই ভয়ংকৰ দুৰ্ঘটনাৰ মাত্ৰ চাৰিদিন পিছতে লাইনচ্যুত হয় আন এখন মালবাহী ৰে’ল। দুৰ্ঘটনা সংঘটিত হোৱাৰ স্থান হৈছে ওড়িশাৰ বৰগড় জিলা (Bargarh)।
জানিব পৰা মতে, মালবাহী গাড়ীখনত চূণশিল আছিল। অৱশ্যে ঠিক কি কাৰণত ৰে’লখন ৰে’লপথৰ পৰা বাগৰি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাত এতিয়ালৈকে কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। শুকুৰবাৰে সন্ধিয়া ওড়িশাত কৰমণ্ডল এক্সপ্ৰেছ, যশৱন্তপুৰ এক্সপ্ৰেছ আৰু এখন মালবাহী ৰে’লৰ মাজত দুৰ্ঘটনা সংঘটিত হয়। ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলোৱা হয়।
তাৰ পিছত শনিবাৰে নিশা প্ৰায় এঘাৰ বজাত ৰেʼললাইনৰ কাম সম্পূৰ্ণ কৰি প্ৰথমে ডাউন লাইনত এখন মালবাহী ৰেʼল চলোৱা হয়। ১১.৩৯ বজাত সেই লাইনত আন এখন মালবাহী ৰে’ল চলিছিল। আপ লাইনেও ৰাতি ১২ বজাত ৰে’ল চলায়। সোমবাৰে পুৱা এখন এখনকৈ বাহানাগা ষ্টেচনৰ মাজেৰে কেইবাখনো ৰেʼল চলিবলৈ আৰম্ভ কৰে।