অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান (Lahorijan)ত সন্দেহযুক্ত হেৰ’ইন আৰু নগদ ধনসহ আটক (Arrested with heroin and cash) হৈছে দুটা সৰবৰাকাৰী৷ প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতি বাৰে সন্ধিয়া ৭-৪৫ মান বজাত বিশ্বস্ত সূত্ৰে এজন লোক লাহৰিজান কালী মন্দিৰৰ ওচৰত সন্দেহজনকভাবে ঘূৰি ফুৰাৰ খবৰ লাভ কৰে৷
খবৰ পোৱা মাতেৰই খটখটী থানাৰ অ’চি ৰমেন বৰদলৈৰ নেতৃত্বত উপ-পৰিদৰ্শক স্বমধন স্বৰ্গীয়াৰী আৰু থানা ষ্টাফসহ ঘটনাস্থলীত উপস্থিত হৈছে সন্দেহজনকভাবে ঘূৰি ফুৰা নাগালেণ্ডৰ ডিমাপুৰ নিউলেণ্ড নিৱাসী হবট’ আচ’মীৰ পুত্ৰ ভিকিহ’ আচ’মীক তালাচী চলাই তাৰ কৱলৰ পৰা এটা চাবোনৰ বাকচত ১১’৬০ গ্ৰাম সন্দেহজনক হেৰইন উদ্ধাৰ (Heroin Seized) কৰিবলৈ সক্ষম হয়৷
ইয়াৰ পিছত আৰক্ষীৰ জেৰাত ধৃত ভিকিহ’ আচমীয়ে সন্দেহযুক্ত হেৰইনখিনি খটখটী থানা এলেকাৰ জোৰটকবী গাঁৱৰ ৰেগবীৰ সিঙৰ পুত্ৰ ছাহেব সিঙৰ পৰা ২৩ হাজাৰ টকাত ক্ৰয় কৰা বুলি স্বীকাৰ কৰে৷ সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী ছাহেব সিঙৰ ঘৰত তালাচী চলাই নগদ ২৩ হাজাৰ টকা উদ্ধাৰ (Rs 23,000 recovered) কৰিবলৈ সক্ষম হয় ৷
উক্ত ধন ভিকিহ’ৰ পৰা লোৱা বুলি ছাহেব সিঙে স্বীকাৰ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ এই সন্দৰ্ভত আৰক্ষীয়ে খটখটী থানাত এনডিপিএছ আইনৰ অধীনত ৫৫/২৯ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷