ASSAM TIMES POST
বোকাখাতঃ বোকাখাত মহকুমাৰ অন্তৰ্গত ইতিহাস প্ৰসিদ্ধ ৰজাবাৰীৰ এখনি ব্যতিক্ৰমী শিক্ষানুস্থান ৰজাবাৰী প্ৰাথমিক বিদ্যালয়। বৰ্তমান সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে প্ৰাদেশিক শিক্ষানুষ্ঠানক কুঠাৰঘাত কৰা সময়ৰ এই দাবীক প্ৰত্যাহ্বান জনাই ভিন্ন সময়ত মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা শিশুৰ মানসিক শাৰিৰীক বিকাশৰ বাবে প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসৰ নেতৃত্বত ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ে লোৱা ব্যতিক্ৰম পদক্ষেপে বোকাখাতৰ লগতে সমগ্ৰ অসমতে অনন্য সজাগতাৰ সৃষ্টি কৰিছে। যোৱা ৩ ডিচেম্বৰত বিদ্যালয়খনৰ উদ্যোগত এনে উদ্দেশ্য আগত ৰাখিয়েই বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিলে এখনি বিশেষ সম্বৰ্দ্ধনা আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচনী সভাৰ। এই উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে নুমলীগড় জুনিয়ৰ কলেজৰ ইংৰাজী বিষয়ৰ বিষয় শিক্ষয়িত্ৰী তথা সাংবাদিক অজন্তা তালুকদাৰে।

আৰম্ভণিতে প্ৰজ্বলন গৰাকীক এখনি ফুলাম গামোচা আৰু এটি গঁড়ৰ কাঠৰ ভাস্কৰ্যৰে সম্বৰ্দ্ধনা জনোৱা হয়। বন্তি প্ৰজ্বলনৰ পিছতে বিদ্যালয়খনিৰ শিক্ষকবৃন্দৰ সম্পাদনাত শিক্ষক ছাত্ৰৰ সহযোগিতাৰে লিখি উলিওৱা প্ৰাচীৰ পত্ৰিকা “বীজ”ৰ তৃতীয় বাৰ্ষিক সংখ্যাটো উন্মোচন কৰি অজন্তা তালুকদাৰে নিজা বক্তব্যত বিদ্যালয়খনিৰ কন কন ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰি কয় যে শাৰীৰিক প্ৰতিবন্ধকতা কাহানিও উত্তৰণৰ হেঙাৰ নহয়, প্ৰচুৰ মানসিক শক্তিৰে জীৱন পৰিচালনা কৰি এখন সুস্থ আৰু সুন্দৰ সমাজ গঠনত অৰিহণা যোগাবলৈ মানুহে নিজক যোগ্য কৰি লোৱা উচিত।
বিদ্যালয়ৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে আঁট ধৰা মূল সভাৰ সভাপতিত্ব কৰে নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। সভাৰ আৰম্ভণিতে ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰকৃত মানৱ সম্পদ উৎপাদনত বিদ্যালয়খনে লোৱা ভূমিকাক প্ৰশংসা কৰি বক্তব্য প্ৰদান কৰে পশ্চিম গোলাঘাট শিক্ষা খণ্ডৰ প্ৰাথমিক প্ৰকল্প শিক্ষা বিষয়া বৰ্মন টেৰণে। সভাত শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি ব্যৱসায়, সংগীত আদি বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰি একোটা পৰিয়ালৰ ভৰণ শোষণৰ দায়িত্ব পালন কৰি থকা বোকাখাত মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা আমন্ত্ৰণ কৰি অনা কৰ্মৰত প্ৰতিবন্ধী ক্ৰমে দুদুল বৰা, অচ্যুত দাস, জিতুল দাস, পিংকী দাস আৰু পাপু নাহকক সম্বৰ্দ্ধনা জনোৱা হয়।
সভাপতিৰ ভাষণত এখন প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সৰ্ব প্ৰথমবাৰৰ বাবে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰি কৰ্মৰত প্ৰতিবন্ধীসকলক এনেদৰে আমন্ত্ৰণ কৰি আনি সম্বৰ্দ্ধনা জনোৱাৰ বাতৰি এয়াই প্ৰথম বুলি অভিহিত কৰি বুবুল দত্তই উদ্যোক্তা সকলৰ প্ৰতি কৰা অনুপ্ৰেৰণামূলক মন্তব্যই সম্বৰ্দ্ধিত দিব্যাংগসকলৰ লগতে উপস্থিত সকলোকে আবেগিক কৰি তোলে। শেষত শলাগৰ শৰাই আগবঢ়ায় বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে।













