কৰ্ণাটক (Karnataka)ৰ সিদ্দাৰমাইয়া মন্ত্ৰীসভাত (Siddaramaiah Cabinet) আৰু ২৪ গৰাকীক নিযুক্তি দিয়া হয়। যোৱা শনিবাৰে সিদ্দাৰমাইয়া, ডি কে শিৱকুমাৰকে ধৰি দহজন লোকে শপত গ্ৰহণ কৰিছিল। আজিৰ দিনটোত আৰু ২৪ জনে শপত গ্ৰহণ কৰে। ৰাজ্যপাল থাবৰচান্দ গেহলটে বিধান সৌধ ভৱনত ২৪ জন মন্ত্ৰীক শপত গ্ৰহণ (Swearing-in of 24 ministers) কৰায়। শনিবাৰে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডু ৰাও, কৰ্ণাটক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কৃষ্ণ বাইৰে গৌড়া, মহিলা কংগ্ৰেছৰ নেত্ৰী লক্ষ্মী হেব্বলকাৰ, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী এছ আৰ বাংগাৰপ্পাৰ পুত্ৰ মধু, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ঈশ্বৰ খাণ্ডেৰে, এইচ কে পাটিল, কে ভেংকটেশ ৷
বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰ পৰা কংগ্রেছত যোগদান কৰা প্রাক্তন মুখ্যমন্ত্রী জগদীশ শেট্টাৰ আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী লক্ষ্মণ সভাৰীয়ে মন্ত্ৰীসভাত স্থান নাপালে৷ শেট্টাৰ পৰাজিত হয় যদিও কংগ্ৰেছ প্ৰাৰ্থী হিচাপে লক্ষ্মণ জয়ী হয়। এই দিনটোতে শিৱানন্দ পাটিল, ৰমাপ্পা বালাপ্পা টিম্মাপুৰ, এছ এছ মল্লিকাৰ্জুন, শিৱৰাজ সংগপ্পা, মানকাল বৈদ্য, ডি সুধাকৰ, সন্তোষ লাদ, বি নগেন্দ্ৰ আদিয়ে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰা ২৪ জন মন্ত্ৰীৰ ভিতৰত ২৩ জন বিধায়ক বা বিধান পৰিষদৰ সদস্য।
একমাত্ৰ ব্যতিক্ৰম হৈছে কংগ্ৰেছ হাইকমাণ্ডৰ ঘনিষ্ঠ এন এছ বছেৰাজু। লিংগায়ত সম্প্ৰদায়ৰ ৬ গৰাকী বিধায়কক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে। ভোক্কালিগা সম্প্ৰদায়ৰ চাৰিজন মন্ত্ৰীয়েও স্থান লাভ কৰে। ইয়াৰ উপৰি কেবিনেটত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিও আছে। কৰ্ণাটক বিধানসভাৰ আসনৰ সংখ্যা ২২৪খন। ইয়াৰে ১৫ শতাংশ অৰ্থাৎ সংসদীয় নিয়ম অনুসৰি ৩৪ জন মন্ত্ৰী হʼব পাৰে। আজিৰ দিনটোতে উক্ত ‘কোটা’ পূৰণ হয়৷