উত্তৰ কোৰিয়াৰ আদালতে (North Korea’s court) এটি দুবছৰীয়া শিশুক যাৱজ্জীৱন কাৰাদণ্ডৰ (child sentenced to life imprisonment) শাস্তি প্ৰদান কৰিছে। পিতৃ-মাতৃৰ অপৰাধৰ শাস্তি তেওঁ ভোগ কৰিবলগা হৈছে। ইয়াৰ জৰিয়তে একনায়কত্ববাদী কিম জং উনৰ বাৰ্তা হৈছে যে অপৰাধ কৰিলে কাকো ৰেহাই দিয়া নহʼব।
অভিযোগ অনুসৰি, উত্তৰ কোৰিয়াই খ্ৰীষ্টানসকলৰ লগত বাইবেল বিচাৰি পালে কঠোৰ শাস্তি প্ৰদান কৰিছে। যিসকলে বাইবেল নিজৰ লগত ৰাখে তেওঁলোকক হত্যা কৰা হৈছে। তাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলেও যাৱজ্জীৱন কাৰাদণ্ড লাভ কৰিছে। তেনে এটা ঘটনাত দুবছৰীয়া শিশু এটাক শাস্তি দিয়া হৈছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে এই কথা। অভিযোগ অনুসৰি, তেওঁৰ পিতৃ আৰু মাতৃৰ হাতত বাইবেল আছিল। তেওঁলোকক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ পিছত তেওঁলোকৰ শিশুটিক চৰকাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে।
উত্তৰ কোৰিয়া মূলত এখন নাস্তিক দেশ। কিন্তু সংবিধান অনুসৰি, কোনো বিশেষ ধৰ্ম অনুসৰণ কৰাত কোনো বাধা নাই। আমেৰিকাৰ এক প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াত বিগত কিছু বছৰত ৭০ হাজাৰ খ্ৰীষ্টান লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। বহুতে মৃত্যুদণ্ডও লাভ কৰিছে। উক্ত প্ৰতিবেদনত দুবছৰীয়া শিশুটিক শাস্তি প্ৰদান কৰাৰ কথা উল্লেখ হৈছিল। ২০০৯ চনত শিশুটিৰ পিতৃ-মাতৃক বাইবেল ৰখা আৰু খ্ৰীষ্টান ধৰ্ম পালন কৰাৰ অভিযোগত ফাঁচি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰাই চৰকাৰৰ নিৰ্দেশত শিশুটিয়ে ৰাজনৈতিক কাৰাগাৰত আজীৱন কটাবলগীয়া হৈছে।
কাৰাগাৰত কয়দীসকলক অত্যাচাৰ কৰা বুলিও দাবী কৰা হৈছে প্ৰতিবেদনত। উত্তৰ কোৰিয়াৰ বন্দীসকল বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈছে।
২০১০ চনৰ পৰা উত্তৰ কোৰিয়াত শাসন কৰি আহিছে কিম জং উনে। দেশত তেওঁৰ কথাই ‘বেদবাক্য’। একনায়কত্ববাদী কিমৰ ওপৰত কোনেও কথা কʼব নোৱাৰে। কিমৰ আগতেও দেশত একনায়কত্ববাদ আছিল। অভিযোগ উত্থাপন হৈছে যে তাত প্ৰায়ে মানৱ অধিকাৰ খৰ্ব কৰা হয়। শাসকে নিজৰ সুবিধা অনুযায়ী দেশ চলায়। নিয়ন্ত্ৰণ কৰা হয় নাগৰিকৰ স্বাভাৱিক গতিবিধিও।