চালকসকলে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল। সঁচাকৈয়ে দেখিছেনে? সোমবাৰে নিশা হাৰিয়ানাৰ আম্বালাৰ ৰাজপথত কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)ক এখন ট্ৰাকত যোৱা দেখা গʼল (The truck was seen going)। দিল্লীৰ পৰা চণ্ডীগড়লৈ যোৱা ট্ৰাকখনত তেওঁ আছিল। কিন্তু কিয় হঠাৎ এই পৰিকল্পনা। কংগ্ৰেছে কৈছে যে গোটেই নিশা চালকসকলে সামগ্ৰীভৰ্তি ট্ৰাক লৈ যাত্ৰা কৰিবলগা হয়।
বহু সময়ত বাটত বিভিন্ন সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। সেইবোৰ কথা জানি ৰাহুলে ড্ৰাইভাৰৰ চিটত বহিল। ৰাহুলে এই বিষয়ে ট্ৰাক চালকৰ লগত কথাও পাতে।উল্লেখযোগ্য যে ৰাহুল চিমলালৈ গৈ আছিল। মাতৃ ছোনিয়া গান্ধী লগত আছিল। ৰাহুলৰ যাত্ৰা মাতৃৰ লগত কেইদিনমান থাকিব। বাটত হাৰিয়ানাৰ সোনপটৰ এখন ধাবাত ৰৈ যায়। তাত থকা ট্ৰাক চালকসকলৰ লগত কথা পাতে তেওঁ।
ইয়াৰ পিছতে হাৰিয়ানাৰ আম্বালাত এখন ট্ৰাকত উঠে ৰাহুল। উক্ত ভিডিঅʼটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কংগ্ৰেছৰ সাংসদ ইমৰান প্ৰতাপগড়ীয়ে ৰাহুলৰ ভ্ৰমণৰ ভিডিঅ’ টুইটাৰত পোষ্ট কৰে। য’ত দেখা যায়, ট্ৰাকত উঠি গৈ থাকোঁতে তেওঁ সাধাৰণ মানুহৰ ফালে চাই আছে আৰু হাত জোকাৰি আছে। ৰাহুলে যাত্ৰাপথত এটি গুৰদ্বাৰত প্ৰাৰ্থনা কৰা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে।