ASSAM TIMES POST
ডিফুঃ অহা ৫ ডিচেম্বৰত কাজিৰ ৰংহাংপীৰ সোঁৱৰণত এখন বহুভাষী কবি সন্মিলনৰ আয়োজন কৰা হৈছে৷ পুৱা ১০ বজাৰ পৰা এই কবি সন্মিলনৰ কাৰ্যসূচী আৰম্ভ হ’ব৷
তদুপলক্ষে কাজি ৰংহাংপীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰাপক কাৰ্বি লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, সাহিত্যিক লুনছে তিমুঙে৷ আনহাতে মাল্যাৰ্পণ কৰিব বিশিষ্ট লিখক নজেন্দ্ৰ নুনিছাই৷
অসম বিশ্ববিদ্যালয় (ডিফু চৌহদ)ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° কুসুম্বৰ বৰুৱাই উদ্বোধন কৰিব লগীয়া সন্মিলনখন সঞ্চালনা কৰিব কাব্য কমল উপাধি প্ৰাপক বিশিষ্ট কবি-লেখক ছাৰএৎ হাঞ্চেই৷ ইয়াত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক ৰবীন গোস্বামী আৰু কবি-সাহিত্যিক থানেশ্বৰ ইংতি৷ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে৷













