কৰ্ণাটকৰ নতুন বিধায়ক (Karnataka’s new MLA)ৰ ৯৭ শতাংশই কোটিপতি (97% are millionaires)। আনহাতে, এই নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৫৫ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। এছোচিয়েচন অব ডেমোক্ৰেটিক ৰিফৰ্মছ (Association of Democratic Reforms)ৰ (এডিআৰ) বিশ্লেষণাত্মক প্ৰতিবেদনত (Analytical Report) এই কথা উল্লেখ কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই বিষয়ত শাসকীয় কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ মাজত বিশেষ পাৰ্থক্য নাই। আনকি ৰাজ্যৰ তৃতীয় ৰাজনৈতিক শক্তি জেডিএছো কোটিপতি হোৱাৰ দৌৰত পিছপৰি থকা নাই!
নিয়ম অনুসৰি, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলে শপতনামাৰ আকাৰত নিৰ্বাচন আয়োগক শিক্ষাগত অৰ্হতা, সম্পত্তি আদিৰ বিষয়ে অৱগত কৰে। সেই তথ্য বিশ্লেষণ কৰি এডিআৰে এই প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদন অনুসৰি, ৰাজ্যৰ ২২৩ জন বিধায়কৰ ভিতৰত ২১৭ জন কোটিপতি! আনকি প্ৰতিবেদনত কোৱা হৈছে যে ২০১৮ চনত বিধায়কৰ গড় সম্পত্তি আছিল ৩৪.৫৯ কোটি টকা, ২০২৩ চনত ই ৬৪ কোটি টকা হৈ পৰিছে!
১৩৫ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১৩৪ জন বিধায়কৰ শপতনামা পৰীক্ষা কৰি দেখা গৈছে যে ১৩২ জন বিধায়ক কোটিপতি। আনহাতে, ৬৬ জন বিজেপি বিধায়কৰ ভিতৰত ৬৩ জন কোটিপতি। ১৯ জন জেডিএছ বিধায়কৰ ভিতৰত ১৮ জন কোটিপতি। নতুন বিধায়কৰ মাত্ৰ দুগৰাকীৰ সম্পত্তি ৫০ লাখ টকাৰ তলৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ দৌৰত থকা কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰে সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি আছে। তেওঁৰ ঘোষিত সম্পত্তিৰ মূল্য ১৪১৩ কোটি!
আনহাতে, এডিআৰৰ প্ৰতিবেদনত কোৱা হৈছে যে নতুন বিধায়কৰ এক তৃতীয়াংশৰেই আছে গুৰুতৰ অপৰাধমূলক গোচৰ। কংগ্ৰেছৰ ৩০ শতাংশ বিধায়ক গুৰুতৰ গোচৰত অভিযুক্ত। এই হাৰ বিজেপিৰ বাবে ৩৫ শতাংশ আৰু জেডিএছৰ ৩৭ শতাংশ।