কৰ্ণাটক (Karnataka)ত চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ (Congress towards government formation)। একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে ক্ৰমাৎ আগবাঢ়িছে হাত শিবিৰ। এই সফলতাৰ বাবে কংগ্ৰেছ নেতৃত্বই ৰাহুল গান্ধীৰ ‘ভাৰত জোৰো’ যাত্ৰাক কৃতিত্ব (Achievements of Rahul Gandhi) দিছে। উল্লেখ্য, বিগত ৩৮ বছৰৰ ইতিহাসত কোনো দলেই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকত ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা নাই।
এই ধাৰা অব্যাহত থাকিব এইবাৰো। শনিবাৰে পুৱা ভোট গণনা আৰম্ভ হোৱাৰ পাছত কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ৰাহুলৰ ভাৰত জোৰো যাত্ৰাৰ ভিডিঅʼ পোষ্ট কৰি জয়ৰ সংকেত দিয়ে।পটভূমিত বাজি আছে বিখ্যাত ইংৰাজী গীত, ‘আনষ্টপেবল’। অসমীয়ালৈ অনুবাদ কৰিলে ইয়াৰ অৰ্থ হৈছে, ‘আমি অপ্ৰতিৰোধ্য, অপৰাজেয়। আত্মবিশ্বাসী।’ ইয়াৰ পিছত কংগ্ৰেছে ইয়াৰ কেপচনত লিখিছে, ‘আজি আমি অনবদ্য।’
কৰ্ণাটক জয় কৰাৰ বাবে কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰই ৰাহুলৰ ভাৰত জোৰো যাত্ৰাক কৃতিত্ব দিছে। ৰাজস্থানত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা অশোক গেহলটে কয় যে ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰ সুফল কৰ্ণাটকত দেখিবলৈ পোৱা গৈছে। কৰ্ণাটকৰ ভাৰত জোৰো যাত্ৰাই লাভ কৰিছে বিপুল সঁহাৰি। কৰ্ণাটকৰ পিছত ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানাতো একেখন ছবি দেখা যাব।