কৰ্ণাটক বিধানসভা নিৰ্বাচনত (Karnataka Election) জয়ৰ সোৱাদ লʼবলৈ বিজয়ী বিধায়কক স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে (Congress) । কংগ্ৰেছৰ সূত্ৰ মতে, অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰ গঠন কৰিবলৈ কৰ্ণাটকত ১১৩খন আসন লাভ কৰিব লাগিব। সেই শিতানত আশংকা হʼল যে মেজিক নম্বৰ পোৱাৰ পাছতো বিজেপিয়ে হয়তো বিধায়কৰ বজাৰ খেলখনত সোমাই পৰিব৷ সেই সম্ভাৱনাৰ পৰা হাত সাৰিবলৈহে বিধায়কসকলক ‘সুৰক্ষিত’ কৰাৰ পৰিকল্পনা কৰা হৈছে।
[caption id="attachment_100727" align="alignnone" width="900"] কৰ্ণাটকত বিজয়ী প্ৰাৰ্থীক ‘সুৰক্ষিত’ ৰখাৰ পৰিকল্পনা:[/caption]
কংগ্ৰেছৰ সূত্ৰ অনুসৰি, বিজয়ী প্ৰাৰ্থীসকলক চুবুৰীয়া ৰাজ্য তামিলনাডুৰ এখন ৰিজ'ৰ্টলৈ লৈ যোৱা হʼব পাৰে। তামিলনাডুত কংগ্ৰেছৰ মিত্ৰ দল ডিএমকে ক্ষমতাত আছে। সেয়েহে কংগ্ৰেছ নেতৃত্বই এই ৰাজ্যখনক ‘নিৰাপদ’ বুলি গণ্য কৰে। নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কক সন্ধিয়াৰ ভিতৰত ৰাজধানী বেংগালুৰুত উপস্থিত হʼবলৈ কোৱা হৈছে।

কৰ্ণাটকৰ প্ৰাৰম্ভিক গণনাত কংগ্ৰেছে মেজিক সংখ্যা অতিক্ৰম কৰিলে। বহু পিছ পৰি আছে বিজেপি। জেডিএছৰ আসনৰ সংখ্যা ৩০ খনৰ ওচৰত আছে। এনে পৰিস্থিতিত কংগ্ৰেছে নিজাববীয়াকৈ কৰ্ণাটক দখল কৰাৰ আশা কৰিছে। শনিবাৰে পুৱা গণনা আৰম্ভ হোৱাৰ পাছত বিজয়ৰ আভাস পাই উল্লাসিত হৈ পৰে কংগ্ৰেছ সমৰ্থকসকল। ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰ এটা ভিডিঅ’ ক্লিপ কংগ্ৰেছৰ টুইটাৰ হেণ্ডেলে পোষ্ট কৰে।