![]()
প্ৰথমজন বিজেপিৰ সৰ্বভাৰতীয় সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ ডেৰ-দুবছৰতকৈও অধিক সময়ৰ পাছতো নিজৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ব্যৰ্থ হয়। দ্বিতীয়জন কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ মাত্ৰ ৭ মাহৰ ভিতৰতে নিজৰ গৃহ ৰাজ্যত বিজেপিৰ পৰা ক্ষমতা কাঢ়ি ল’বলৈ ওলাইছে। প্ৰথমজন আছিল হিমাচল প্ৰদেশৰ জগত প্ৰকাশ (জেপি) নাড্ডা (J P Nadda) । দ্বিতীয়জন হৈছে কৰ্ণাটকৰ মল্লিকাৰ্জুন খৰ্গে (Mallikarjun kharge)।











