অৱশেষত কৰ্ণাটক (Karnataka Election) কংগ্ৰেছে (Congress) দখল কৰিছে নেকি? গণনাৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি কংগ্ৰেছ আগবাঢ়ি আছে বিজেপিক পিছপেলাই। শনিবাৰে পুৱা ৮ বজাৰ পৰা গণনা আৰম্ভ হোৱাৰ পিছৰে পৰা কংগ্ৰেছ আৰু বিজেপিৰ (BJP) মাজত যুঁজ চলি আছে। কিন্তু সময়ৰ লগে লগে কংগ্ৰেছে বিজেপিক এৰি থৈ আগুৱাই গৈছে। ভোট গণনাৰ গতি দেখি আনন্দিত হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল।
শনিবাৰে পুৱা নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীসকলে ঢোল বজাই নাচি থকা দেখা যায়। তেনে এটা ভিডিঅ’ পোহৰলৈ আহিছে। সংবাদ সংস্থা এএনআইয়ে টুইট কৰা ভিডিঅʼটোত দেখা গৈছে যে কংগ্ৰেছ কৰ্মীসকলে এই উৎসৱ উদযাপন কৰিছে।
এই প্ৰতিবেদন লিখাৰ সময়ত কংগ্ৰেছে ১০৪খন আসনত আগবাঢ়ি আছে। ৮৩খন আসনত আগবাঢ়ি আছে বিজেপি। ২৩খন আসনত আগবাঢ়ি আছে জেডিএছ। কৰ্ণাটক বিধানসভাৰ ২২৪খন আসনত ‘মেজিক নম্বৰ’ হৈছে ১১৩ । অৱশেষত কৰ্ণাটকত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবনে নাই সেয়া কেইঘণ্টামানৰ পিছত স্পষ্ট হʼব। সকলো পক্ষই যদিও জয়ী হোৱাৰ আত্মবিশ্বাসী।
প্ৰায়বোৰ ভোট পৰৱৰ্তী সমীক্ষাত কংগ্ৰেছ আগবাঢ়ি আছে। আকৌ কিছুমানত ফলাফল ত্ৰিকোণীয়া হʼব বুলি ভৱিষ্যদ্বাণী কৰিছে। দিনৰ শেষত কৰ্ণাটকৰ নিৰ্বাচনী যুদ্ধত কোন জয়ী হʼব সেয়া স্পষ্ট হʼব। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত নিঃসন্দেহে কংগ্ৰেছ আগবাঢ়ি আছে বুলি কʼব লাগিব।