আজি পুৱাৰ ভাগত ধনশিৰি (Dhansiri railway track) ৰে’ল লাইনৰ কাষত এটি মৃতদেহ উদ্ধাৰ (Body recovered near railway track) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি এছএছই ৰেলৱেৰ পৰা তথ্য অনুসৰি প্ৰায় ৪০ বছৰীয়া এজন পুৰুষ লোকৰ মৃতদেহ (Dead bodies of men) ধনশিৰি শিৱ নগৰৰ কাষত (Dhansiri near Shiva Nagar) ৰে’লৱে প’ষ্ট 244 আৰু 245-ৰ মাজৰ শিৱনগৰ এলেকাত পৰি থকাৰ খবৰ লাভ কৰি ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চকীৰ ষ্টাফ ঘটনাস্থলীত উপস্থিত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই চুৰতহাল কৰোৱা হয়৷
পিছলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাই চিনাক্ত কৰণৰ বাবে ৭২ ঘণ্টা ডিএমচিএইছৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ৷
এই সন্দৰ্ভত ডিফু থানাত ১৮/২৩ নম্বৰত এটা ইউডি কেচ ৰুজো দি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷